NORTHEAST NOW (Assamese)
অসম

অৰ্ণমাই বৰাৰ ধৰ্ষণ-হত্যাৰ মূল অভিযুক্ত মইনুল হকক ফাঁচি আৰু আনজন অভিযুক্ত চেলিমুদ্দিনক যাৱজ্জীৱন কাৰাদণ্ড

Posted by: এন ই নাও নিউজ August 1, 2018 1:23 pm
ArnamaiBorajpg

যমুনামুখৰ শিক্ষয়িত্ৰী অৰ্ণমাই বৰাক ধৰ্ষণ কৰি হত্যা কৰাত জড়িত মূল অভিযুক্ত দুজনৰ বিচাৰ প্ৰক্ৰিয়াৰ আজি ৰায়দান দিয়ে আদালতে। হোজাইৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশে দিয়া এই ৰায়দানত মূল অভিযুক্ত মইনুল হকক (৩৭৬ A আৰু ৩০২ ধাৰা) ফাঁচি আৰু আনজন অভিযুক্ত চেলিমুদ্দিনক  (২০১, ৩০২ ধাৰা) যাৱজ্জীৱন কাৰাদণ্ড বিহা হয়। চেলিমুদ্দিনক কাৰাদণ্ডৰ লগতে ২০ হাজাৰ টকাৰ জৰিমনাও বিহে আদালতে।

উল্লেখযোগ্য যে নিজে শিক্ষকতা কৰা বিদ্যালয়খনৰ পৰা স্কুল ছুটীৰ পিছত ঘৰলৈ যোৱাৰ বাটত ২০১৭ চনৰ ৩১ মে’ৰ সন্ধিয়া মইনুল হকে অৰ্ণমাই বৰাক চেলিম উদ্দিনৰ সহযোগত ধৰ্ষণ কৰি হত্যা কৰিছিল। পিছত শিক্ষয়িত্ৰীগৰাকীৰ মৃতদেহটো কপিলী নৈত পেলাই দৈছিল।

যোৱা এবছৰৰো অধিক দিন এই গোচৰটো হোজাইৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতত ফাষ্ট ট্ৰেক আদালতত ক্ষিপ্ৰতাৰে চলি আছিল। ইয়াৰ ফলস্বৰূপে ২৪ জুলাইত আদালতে দুয়োজনকে দোষী সাব্যস্ত কৰিছিল আৰু আজি ইয়াৰ শাস্তি ঘোষণা কৰাৰ কথা আছিল।

হোজাইৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতৰ ন্যায়াধীশ নগেন ছেনাবায়া দেউৰীৰ আদালতে আজি এই শাস্তিৰ ৰায় প্ৰদান কৰে।

জঘন্য অপৰাধটোৰ অপৰাধী দুজনক কঠোৰ শাস্তি দিয়াত স্বস্তি আৰু সন্তুষ্টি প্ৰকাশ কৰিছে বিভিন্নজনে।

অধিবক্তাৰ সূত্ৰই জনোৱামতে, যাৱজ্জীৱন কাৰদণ্ডেৰে দণ্ডিত চেলিম উদ্দিনে এই কাৰাবাসৰ সময়ছোৱাত কাৰাগাৰৰ বাহৰলৈ ওলাব নোৱাৰিব বুলি নিশ্চিত কৰিছে ৰায়টোত।