NORTHEAST NOW (Assamese)
অসম

মাজুলীত ব্ৰহ্মপুত্ৰৰ বুকুত আবদ্ধ যাত্ৰীবাহী ফেৰি; আতংকত শতাধিক যাত্ৰী

Posted by: মিটু খাটনিয়াৰ August 2, 2018 4:55 pm

মাজুলীত ব্ৰহ্মপুত্ৰৰ বুকুত আবদ্ধ হৈ পৰিছে এখন যাত্ৰীবাহী ফেৰি। প্ৰাপ্ত তথ্য মতে, নিমাতি ঘাটৰ পৰা দিনৰ ১:৩০ বজাত মাজুলী কমলাবাৰী ঘাটৰ অভিমূখে আহি থকা অৱস্থাত ফেৰিখন হঠাৎ নদীৰ বালিচৰত লাগি আবদ্ধ হৈ পৰে।

ইয়াৰ ফলত ফেৰিখনৰ লগতে তাত থকা শতাধিক যাত্ৰীয়ো ব্ৰহ্মপুত্ৰৰ মাজত আবদ্ধ হৈ পৰে। আনহাতে, ঘটনাৰ খবৰ লাভ কৰি ফেৰিখন উদ্ধাৰৰ বাবে জলপৰিবহন বিভাগে ঘটনাস্থলীলৈ দুখনকৈ ফেৰি প্ৰেৰণ কৰিছিল যদিও সেই দুখনো বালিচৰত লাগি ধৰাত ফেৰিৰ যাত্ৰী সকল শংকিত হৈ পৰিছে।

বাতৰি লিখা সময়লৈকে ফেৰিৰ কৰ্মচাৰী সকলে ব্ৰহ্মপুত্ৰত নামি ফেৰিখন বালিচৰৰ পৰা উদ্ধাৰ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে যদিও এইপৰ্যন্ত সফল হ’ব পৰা নাই।