উত্তৰ গুৱাহাটীত আউনীআটী কলাক্ষেত্ৰৰ আধাৰশিলা স্থাপন মুখ্য মন্ত্ৰীৰ

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি উত্তৰ গুৱাহাটীত আউনীআটী কলাক্ষেত্ৰৰ আধাৰশিলা স্থাপন কৰে।
কলাক্ষেত্ৰৰ আধাৰশিলা স্থাপন লগতে উত্তৰ গুৱাহাটীস্থিত আউনীআটী শাখা সত্ৰৰ অতিথিশালাৰ শুভ উদ্ধোধন কৰি এই উপলক্ষে আয়োজিত এক অনুষ্ঠানত ভাষণ প্ৰদান কৰি কয় উঠি অহা প্ৰজন্মক আধ্যাত্মিক চেতনাৰে মানৱীয় মূল্যবোধৰ প্ৰসাৰ ঘটাবলৈ আহ্বান জনায়।
তেওঁ কয়, আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড০ পিতাম্বৰ দেৱগোস্বামীয়ে ৰাজ্যৰ লগতে দেশ আৰু বিদেশতো শক্তিশালী আধ্যাত্মিক চেতনা জাগ্ৰত কৰিবলৈ সক্ষম হৈছে। তেওঁ সকলো নাগৰিককে মানৱীয় অনুভূতি, প্ৰকৃতি আৰু প্ৰাণীৰ অনুকুল বাতাবৰণ সৃষ্টিৰ বাবে চিন্তা কৰিবলৈ আহ্বান জনায়।
আনহাতে ৬ হাজাৰ বছৰীয়া ভাৰতীয় সংস্কৃতিৰ গৌৰৱক অন্ধবিশ্বাস আৰু কু-সংস্কাৰৰ দৰে দৰে কেতবোৰ অপশক্তিয়ে ম্লান কৰিব কৰিব বুলি উল্লেখ কৰি মুখ্য মন্ত্ৰীয়ে এইক্ষেত্ৰত পিতৃ-মাতৃ, শিক্ষক-শিক্ষয়িত্ৰী আৰু সমাজৰ জ্যেষ্ঠজনে নতুন প্ৰজন্মক জ্ঞানৰ পোহৰ দিব লাগিব বুলি কয়।
জনসাধাৰণৰ সহযোগিতাই গনতন্ত্ৰৰ অস্ত্ৰ আৰু জনসাধাৰণৰ ন্যায় নিষ্ঠতাৰ ওপৰত গণতন্ত্ৰৰ মূল্যবোধ নিৰ্ভৰ কৰে বুলি উল্লেখ কৰি তেওঁ মহাপুৰুষ শংকৰদেব, মাধৱদেৱ, দামোদৰদেৱ, অনিৰুদ্ধদেৱ আদিয়ে দেখাই যোৱা বাটেৰে আমি আগবাঢ়িব লাগিব বুলি মন্তব্য কৰে।
সভাত মুখ্য মন্ত্ৰীয়ে হিমা দাসে অসমীয়া জাতি যে শক্তিশালী সেয়া প্ৰতিপন্ন কৰিছে বুলি মন্তব্য কৰি আউনীআটী সত্ৰই ধিঙত ষ্টেডিয়াম নিৰ্মাণৰ বাবে ১২ বিঘা মাটী দান দিয়া বিষয়টোক উচ্চ প্ৰশংসা কৰে।
অসম চৰকাৰৰ নিগম আৰু নিকায়ৰ কেইবাগৰাকী অধ্যক্ষ-উপাধ্যক্ষ উপস্থিত থকা আজিৰ অনুষ্ঠানত আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড০ পিতাম্বৰ দেৱগোস্বামীয়ে আদৰণি ভাষণ পাঠ কৰে।