NORTHEAST NOW (Assamese)
অসম

নেহৰু যুৱ কেন্দ্ৰৰ স্বচ্ছতা পখৱাৰা আৰম্ভ : নগাঁৱত ১৫ দিন ধৰি চলিব গাঁৱে গাঁৱে স্বচ্ছতাৰ প্ৰচাৰ

Posted by: মিণ্টু দাস August 3, 2018 10:06 am
nagaon pokhowara.docx photo

নগাঁও নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত নেহৰু যুৱ কেন্দ্ৰৰ কাৰ্যালয় চৌহদত স্বচ্ছতা পখৱাৰা ১৫ দিনীয়া এক বিস্তৃত কাৰ্যসূচীৰে উদযাপন কৰাৰ বাবে বৃহস্পতিবাৰে নগাঁও নেহৰু যুৱ কেন্দ্ৰৰ গাণনিক বিষয়া ধনঞ্জয় তালুকদাৰৰ পৌৰোহিত্যত এখনি সভা অনুষ্ঠিত হয়।

সভাৰ উদ্দেশ্য ব্যাখ্যাৰ পাছতে নেহৰু যুৱ কেন্দ্ৰৰ ১৮ টা উন্নয়ন খণ্ডৰ স্বেচ্ছা সেৱক-সেৱিকাসকলৰ লগতে উপস্থিত জিলাখনৰ বহুকেইটা স্বেচ্ছাসেৱী অনুষ্ঠানৰ সভাপতি-সম্পাদক প্ৰমুখ্যে সদস্যসকলৰ মাজত স্বচ্ছতাৰ ওপৰত এক শপত বাক্য পাঠ অনুষ্ঠানো সম্পন্ন হয়।

কাৰ্যসূচী অনুসৰি ৩ আগষ্টলৈকে জিলাখনৰ গাঁও এলেকাসমূহ পৰিস্কাৰ পৰিচ্ছন্নকৈ ৰখা, ৪ আগষ্টৰ পৰা ৬ আগষ্টলৈ শৌচালয় আদি পৰিস্কাৰকৈ ৰখাৰ লগতে স্বচ্ছতা সম্পৰ্কে সজাগতা সভা, ৭ আগষ্টৰ পৰা ১০ আগষ্টলৈ প্ৰত্যেক গাওঁ এলেকা পৰিস্কাৰকৈ ৰখাৰ লগতে স্কুল, গাঁও পঞ্চায়ত কাৰ্যালয়, আদি চাফ-চিকুনকৈ ৰখা, ১১ আগষ্টৰ পৰা ১৩ আগষ্টলৈ গাঁও অঞ্চলৰ স্বাস্থ্য কেন্দ্ৰ, চৰকাৰী কাৰ্যালয় আদি পৰিস্কাৰ কৰি ৰখাৰ লগতে ১২ আগষ্টত আন্তৰ্জাতিক যুৱ দিৱস পালন কৰা হ’ব।

১৪ আগষ্টত স্বচ্ছতা বিষয়ক সমদল কৰি ৰাইজৰ মাজত সজাগতা অনা আৰু ১৫ আগষ্টত স্বচ্ছতা পখৱাৰা অনুষ্ঠানৰ কি কি কাম কৰা হ’ল তাৰ পৰ্যালোচনা কৰা তথা ৰাষ্ট্ৰীয় পতাকা উত্তোলনেৰে স্বাধীনতা দিৱস পালন কৰা হ’ব বুলি নগাঁও জিলাৰ নেহৰু যুৱ কেন্দ্ৰৰ বিষয়া ধনঞ্জয় তালুকদাৰে জানিব দিয়ে।