NORTHEAST NOW (Assamese)
অসম

প্ৰেমিকাক বলাৎকাৰ কৰাৰ অভিযোগত ওদালগুৰিত যুৱক গ্ৰেপ্তাৰ

Posted by: ছাজিদ খান August 3, 2018 6:25 pm
Rape-accused-570x320

ওদালগুৰি জিলাৰ টংলাত এটা প্ৰেমজনিত ঘটনাই তিক্ততা মাতি অনাৰ এটা বিৰূপ ঘটনা শেহতীয়াভাৱে পোহৰলৈ আহিছে। জানিব পৰা মতে ওদালগুৰি আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা জ্যোতি প্ৰসাদ বৰা ওৰফে প্ৰসাদ নামৰ বৃত্তিত গাড়ীচালক ২৭ বছৰীয়া যুৱকজনে তেওঁৰ  প্ৰেমিকাৰ সৈতে বিবাহৰ প্ৰতিশ্ৰুতিৰে শাৰীৰিক সম্পৰ্ক স্থাপন কৰিছিল।

শাৰীৰিক সম্পৰ্কৰ ফলত সন্তান সম্ভৱা হোৱা কিশোৰীগৰাকীয়ে (১৯) বৃহস্পতিবাৰে যুৱকজনৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰিছে। অভিযুক্ত জ্যোতি প্ৰসাদ বৰাৰ ঘৰ লৈছে দৰং জিলাৰ মঙলদৈ আৰক্ষী থানাৰ অন্তৰ্গত ছাৰেং চুবুৰী গাঁৱত।

জ্যোতি প্ৰসাদ বৰাৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৩৭৬ ধাৰাৰ অধীনত  টংলা থানাত ১২২/১৮ নম্বৰত পঞ্জীয়ণভুক্ত হোৱা গোচৰটোৰ ভিত্তিত টংলা আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিছে। অৱশ্যে জ্যোতি প্ৰসাদ বৰাই তেওঁৰ বিৰূদ্ধে উঠা অভিযোগ অস্বীকাৰ কৰিছে।

ইতিমধ্যে টংলা আৰক্ষীয়ে নিৰ্যাতিতাগৰাকীৰ মেডিকেল প্ৰতিৱেদন অহালৈ অপেক্ষা কৰিছে আৰু ঘটনা সন্দৰ্ভত এটা অনুসন্ধান কৰি আছে।

আজি গ্ৰেপ্তাৰ কৰা যুৱকজনক ওদালগুৰিৰ জিলা আদালতত হাজিৰ কৰা হৈছে।

উল্লেখ্য যে এই একেই অপৰাধতেই ছমু তপ্ন নামৰ যুৱকজনক নিম্ন আদালতৰ ৰায় বাহাল ৰাখি ওদালগুৰিৰ অতিৰিক্ত সত্ৰ আদালতে ৫০০০ টকা জৰিমনাসহ ৫ বছৰৰ সশ্ৰম কাৰাদণ্ড বিহিছে।