NORTHEAST NOW (Assamese)
অসম

আহোম স্বৰ্গদেউৰ ৰাজ পুৰোহিত পৰ্বতীয়া গোসাঁইৰ উপৰিপুৰুষৰ নাম নাই এন আৰ চিৰ চূড়ান্ত খচৰাত!

Posted by: মানস ৰয় August 3, 2018 11:26 pm
Pinaki-Bhattacharjee

আহোম স্বৰ্গদেউ শিৱ সিংহই আনি অসমত সংস্থাপিত কৰা ন্যায়বাগীশ কৃষ্ণৰাম ভট্টাচাৰ্য্যৰ উপৰিপুৰুষৰ নাম অন্তৰ্ভুক্ত হোৱা নাই এন আৰ চিৰ চূড়ান্ত খচৰাত!

পৰ্বতীয়া গোসাঁই নামে জনাজাত কৃষ্ণৰাম ভট্টাচাৰ্য্যৰ গুৱাহাটীত থকা একাদশ প্ৰজন্মৰ এজনৰ নাম সোমোৱা নাই এন আৰ চিৰ চূড়ান্ত খচৰাত।

‘এইটো বৰ অপমানজনক কথা। অসুবিধাটো সুকীয়া কথা। মই জানো যে এন আৰ চি ঠিকমতে কৰিলে সকলোৰে মংগল হ’ব পৰা এটা বৃ্হৎ কাম। নাগৰিক হিচাপে যি কৰিব লাগে, আমি কৰিবলৈ প্ৰস্তুত। কিন্তু হঠাৎ যেতিয়া আপোনাক কোৱা হ’ব আপোনাৰ নামটো এন আৰ চিৰ চূড়ান্ত খচৰাত নাই, সেইটো অসুবিধা দিয়া নহয়, অপমানৰ কথা,’ পৰ্বতীয়া গোসাঁইৰ একাদশ প্ৰজন্মৰ এজন পিনাকি ভট্টাচাৰ্য্যই নৰ্থ ইষ্ট নাও-ক কয়।

পশ্চিম বংগৰ নৱদ্বীপৰ পৰা আহোম স্বৰ্গদেউ গদাধৰ সিংহৰ পুতেক ৰুদ্ৰ সিংহৰ পুতেক শিৱ সিংহ বা চুতানফাই শাক্ত পুৰোহিত কৃষ্ণৰাম বা পৰ্বতীয়া গোসাঁইক আনি সংস্থাপিত কৰিছিল।

শিৱ সিংহই কামাখ্যা মন্দিৰৰ চোৱা চিতাৰ দায়িত্ব এই পৰ্বতীয়া গোসাঁইৰ ওপৰতে ন্যস্ত কৰিছিল। নীলাচল পাহাৰৰ ওপৰত ঘৰ পতা বাবে তেওঁক পৰ্বতীয়া গোসাঁইৰূপেও জনা গৈছিল। পৰ্বতীয়া গোসাঁই আছিল আহোম ৰজাৰ ৰাজকীয় পুৰোহিত।

স্থপতিবিদ পিনাকি ভট্টাচাৰ্য্যই গুৱাহাটীৰ উলুবাৰীৰ বি কে কাকতী পথত থকা তেওঁৰ কাৰ্য্যালয়ত নৰ্থ ইষ্ট নাও-ৰ সৈতে হোৱা কথা-বতৰাত কয়, ‘বৈধ আৰু দিব পৰা যি দলিল আছিল মই দাখিল কৰিছিলো। মই মাটিৰ কাগজ আৰু পাৰপত্ৰও জমা দিছিলো। আমি অসমৰ আটাইতকৈ আচল (original) মানুহখিনিৰ অন্যতম। এন আৰ চিৰ উন্নীতকৰণত কিছু কেৰোণ আছে। তেওঁলোকে স্পষ্টিকৰণৰ বাবে আমাক মাতিব পাৰিলেহেঁতেন।’

পিনাকি ভট্টাচাৰ্য্যই জনোৱা মতে চূড়ান্ত খচৰা প্ৰকাশৰ পূৰ্বে তেওঁ দিয়া নথি-পত্ৰ সম্পৰ্কে স্পষ্টিকৰণ বিচাৰি এন আৰ চি কৰ্তৃপক্ষই যোগাযোগ কৰা নাছিল।

চূড়ান্ত খচৰাত তেওঁৰ পৰিয়ালৰ সদস্যৰ নাম নাপাই পিনাকিৰ হৃদয় ভাগি চূৰমাৰ হৈছে। ‘মোৰ নাম যেতিয়া স্বাভাৱিকতেই মোৰ ল’ৰাৰো নাম নাথাকিব, কিন্তু মোৰ পত্নীৰো নাম অহা নাই। তেওঁৰ (পত্নীৰ) দেউতাকৰ নাম আছে, কিন্তু তেওঁৰ নাম নাই,’ ক’লে তেওঁ।