NORTHEAST NOW (Assamese)
অসম

আন এজন অসমীয়াৰ কৃতিত্ব : হৃষিকেশ ৰয়ক কেৰালা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি

Posted by: এন ই নাও নিউজ August 4, 2018 7:05 pm
HrishikeshRoy

আন এজন অসম সন্তানৰ সাফল্যই আজি অসমবাসীক গৌৰৱিত কৰিলে। আজি অসমৰ হৃষিকেশ ৰয় কেৰালা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্ত হ’ল।

উল্লেখযোগ্য যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ ন্যায়াধীশ হৃষিকেশ ৰয়ক যোৱা ২৮ মে’তে কেৰালা উচ্চ ন্যায়ালয়লৈ বদলি কৰা হৈছিল। ইয়াৰ দুদিন পিছতে, অৰ্থাৎ ৩০ মে’ত কেৰেলা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এণ্টনি ডমিনিক (Antony Dominic)-এ অৱসৰ গ্ৰহণ কৰিছিল। ডমিনিকৰ ঠাইত তেতিয়াৰ পৰাই অসমৰ ন্যায়াধীশ হৃষিকেশ ৰয়ে কেৰালা উচ্চ ন্যায়ালয়ৰ ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশৰ দায়িত্বত বহন কৰি আহিছিল।

অৱশেষত আজি ৪ আগষ্টত হৃষিকেশ ৰয়ক কেৰালা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তিপত্ৰত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে স্বাক্ষৰ কৰি ইয়াৰ আনুষ্ঠানিকতা সম্পূৰ্ণ কৰে।

অভিজ্ঞ তথা জ্যেষ্ঠ ন্যায়াধীশ হৃষিকেশ ৰয়ে ১৯৮২ চনত দিল্লী বিশ্ববিদ্যালয়ৰ পৰা আইন বিষয়ত স্নাতক ডিগ্ৰী লৈছিল। তেওঁ অৰুণাচল প্ৰদেশৰ চৰকাৰী অধিবক্তা হিচাপেও ভালেমান বছৰ ধৰি দায়িত্ব লৈ আহিছিল।

আনহাতে অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ, কাৰ্বি আংলং স্বায়ত্তশাসন পৰিষদৰো স্থায়ী পৰামৰ্শদাতা হিচাপে কাম কৰি আহিছিল।