NORTHEAST NOW (Assamese)
অসম

ৱাশ্বিংটন ডি চিৰ নিউজিয়ামত হত্যাৰ বলি হোৱা সাংবাদিকৰ মাজত স্থান লাভ অসমৰ পৰাগ দাসৰ

Posted by: এন ই নাও নিউজ August 6, 2018 11:50 am
1200px-Newseum-570x320

অসমৰ বাবে গৌৰৱৰ বিষয় যে এগৰাকী অসম সন্তান, সাহসী সাংবাদিক তথা মানৱ অধিকাৰ কৰ্মী প্ৰয়াত পৰাগ কুমাৰ দাসে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱাশ্বিংটন ডি চিৰ নিউজিয়ামত স্থান লাভ কৰিছে।

বিশ্বজুৰি হত্যাৰ বলি হোৱা সাংবাদিকৰ গেলাৰীত স্থান লাভ কৰিছে অচিনাক্ত দুৰ্বৃত্তৰ গুলীত প্ৰাণ হেৰুওৱা অসমৰ সাংবাদিক প্ৰয়াত পৰাগ কুমাৰ দাসে।
নিউজিয়াম হৈছে মুক্ত চিন্তা প্ৰকাশক তুলি ধৰা এটা গতিশীল, আকৰ্ষণীয় তথা প্ৰভাৱশালী মিউজিয়াম।

ৱাশ্বিংটন ডি চিত অৱস্থিত সাত মহলীয়া ২৫০,০০০ বৰ্গ ফুট জোৰা মিউজিয়ামটোত পোন্ধৰটা থিয়েটাৰৰ লগতে পোন্ধৰটা গেলাৰী আছে।
জাৰ্মানীৰ বাহিৰত ইয়াৰ বাৰ্লিন গেলাৰীত আটাইতকৈ বেছি শাখাৰ ৱাল অন্তৰ্ভুক্ত কৰা হৈছে।

parag-neuseum-225x300

আজিৰ প্ৰথম পৃষ্ঠা শীৰ্ষক গেলাৰীত দৈনিক ৮০ খনতকৈয়ো অধিক আন্তৰ্জাতিক বাতৰিকাকতৰ প্ৰথম পৃষ্ঠাৰ প্ৰদৰ্শন দাঙি ধৰা হয়।
আন গেলাৰীসমূহত দাঙি ধৰা বিষয়সমূহৰ ভিতৰত অন্তৰ্ভুক্ত হৈছে প্ৰথম সংশোধনী, বিশ্বৰ সংবাদ মাধ্যমৰ স্বাধীনতা, বাতৰিৰ ইতিহাস, ১১ ছেপ্টেম্বৰৰ আক্ৰমণ আৰু ইন্টাৰনেট, টিভি তথা ৰেডিঅ’ৰ ইতিহাস।

প্ৰথমতে ১৯৯৭ চনৰ ১৮ এপ্ৰিলত ইয়াক ৰ’জলিন, ভাৰ্জিনিয়াত মুকলি কৰা হৈছিল আৰু ২০০৮ চনৰ ১১ এপ্ৰিলত বৰ্তমানৰ স্থানটোত ইয়াক মুকলি কৰা হয়। এইটো এটা অতি আকৰ্ষণীয় স্থান যিয়ে এটা বছৰত ৮১৫,০০০ তকৈয়ো অধিক ভ্ৰমণকাৰীক আকৰ্ষিত কৰিছে। ইয়াৰ টেলিভিশ্বন ষ্টুডিঅ’ৰ পৰা বাতৰিও সম্প্ৰচাৰ কৰা হয়।

এই গৃহটোৰ ভিতৰত প্ৰায় ১৪৫,৫০০ বৰ্গফুটৰ ৫০০ আসমযুক্ত এটা এটা ডিম্বাকৃতিৰ থিয়েটাৰ আছে।

এই গৃহটো লগতে বিশ্বৰ ভিতৰত আটাইতকৈ বৃহৎ তথা ওখ হাইড্ৰ’লিক যাত্ৰীবাহী এলিভেটৰ (উত্তোলক লিফট)ৰ বাবে জনাজাত। ১৮,০০০ পাউণ্ড ক্ষমতাৰ ৭২ জন যাত্ৰী কঢ়িয়াব পৰা সাত মহলাক সামৰি প্ৰায় ১০০ ফুট দূৰত্ব চলাচল কৰিব পৰা এলিভেটৰটো প্ৰকৃততেই বৃহৎ।

গ্ৰাউণ্ড ফ্ল’ৰৰ ওপৰত এখন ধেনুভেৰিয়া আইনাৰ স্মাৰকত হত্যাৰ বলি সাংবাদিকসকলৰ জীৱনাকৃতি। স্মাৰকটোৰ একেবাৰে কাষতে গেলাৰীটোত পৰাগ দাসৰ ফটোগ্ৰাফ ৰখা হৈছে।

উল্লেখযোগ্য যে ১৯৯৬ চনৰ ১৭ মে’ত পৰাগ দাসক দিনৰ পোহৰতে দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিছিল। সাংবাদিকগৰাকীৰ হত্যাকাণ্ডই ৰাজ্যত তীব্ৰ গণ প্ৰতিবাদৰ সৃষ্টি কৰাৰ লগতে দেশৰ মানৱ অধিকাৰ সংগঠনসমূহৰ মাজতো প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল।