NORTHEAST NOW (Assamese)
অসম

এ পি এছ চি কেলেংকাৰি : অচিৰেই গ্ৰেপ্তাৰ হ’ব আৰু কেইজনমান বিষয়া

Posted by: এন ই নাও নিউজ August 7, 2018 9:15 am
এ পি এছ চি ভৱন

এ পি এছ চি কেলেংকাৰিত জড়িত আটাইকেইজন অভিযুক্তক এতিয়াও গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী। অৱশ্যে, সকলোবোৰ অভিযুক্ত গ্ৰেপ্তাৰ  নহ’লেও ডিব্ৰুগড় আৰক্ষীয়ে চূড়ান্ত চাৰ্জশ্বীট দাখিল কৰিব বুলি জানিব পৰা গৈছে। এই মাহৰ শেষত বা ছেপ্টেম্বৰ মাহৰ প্ৰথম ভাগতেই চূড়ান্ত চাৰ্জশ্বীট দাখিল কৰা হ’ব।

আনহাতে, জালিয়াতিৰে ৰাজপত্ৰিত বিষয়া পদলৈ বাছনি হৈ চৰকাৰী চাকৰি কৰি থকা আৰু কেইজনমান বিষয়াক অচৰেই গ্ৰেপ্তাৰ কৰিব। এক সূত্ৰৰ মতে ইয়াৰ পাছতেই আৰক্ষীয়ে চূড়ান্ত চাৰ্জশ্বীট দাখিল কৰিব।

জানিব পৰা মতে, চূড়ান্ত চাৰ্জশ্বীট দাখিল নকৰালৈকে অভিযুক্ত হৈ কাৰাগাৰত থকাসকলে জামিন পোৱাৰ সম্ভাৱনা নাই। চূড়ান্ত চাৰ্জশ্বীট দাখিল কৰাৰ পাছত আদালতে সেই চূড়ান্ত চাৰ্জশ্বীট পৰীক্ষা কৰি  অভিযুক্তসকলক জামিন দিব নে নিদিয়ে সেই কথা স্পষ্ট হ’ব।

ইপিনে, চৰকাৰৰ ফালৰ পৰাও অভিযুক্তসকলৰ বিৰুদ্ধে আদালতত সবল যুক্তি দাঙি ধৰা হৈছে। ইতিমধ্যে চাৰি-পাঁচবাৰলৈকে বহুকেইজন অভিযুক্তৰ জামিন আবেদন আদালতে নাকচ কৰিছে।

এক সূত্ৰই জানিব দিয়া মতে ইতিমধ্যে ফৰেনছিক পৰীক্ষাগাৰৰ পৰা অহা শেহতীয়া প্ৰতিবেদন ডিব্ৰুগড় আৰক্ষীয়ে লাভ কৰিছে। এতিয়া তেওঁলোকে সেই প্ৰতিবেদনৰ ভিত্তিত অন্তিম পৰ্যায়ত কেইজনমান বিষয়াক গ্ৰেপ্তাৰ কৰিবলৈ সাজু হৈছে।

ইপিনে, পলাই থকা দালালকেইজনক বিচাৰি নাপালেও আৰক্ষীয়ে চূড়ান্ত চাৰ্জশ্বীট দাখিল কৰিব। অভিযুক্ত কোনো দালালক গ্ৰেপ্তাৰ কৰিব নোৱাৰিলেও চূড়ান্ত চাৰ্জশ্বীট দাখিল কৰাত ডিব্ৰুগড় আৰক্ষীৰ কোনো সমস্যা নাই।

এ পি এছ চিৰ কেলেংকাৰিত জড়িত অভিযুক্ত দালালৰ বিৰুদ্ধে ইতিমধ্যে সম্পূৰ্ণ তথ্য লাভ কৰিছে আৰক্ষীয়ে। সেয়ে দালালকেইজন পলাই থাকিলেও এতিয়া দীৰ্ঘ দিনৰ বাবে অপেক্ষা নকৰি চূড়ান্ত চাৰ্জশ্বীট দাখিল কৰিবলৈ সাজু হৈছে আৰক্ষী।