NORTHEAST NOW (Assamese)
অসম

যোৰহাটৰ টীয়কৰ কলিয়াপানীত ইটাভাটাৰ গাঁতত উদ্ধাৰ নিখোজ যুৱকৰ মৃতদেহ

Posted by: ৰাজীৱ দত্ত August 7, 2018 4:40 pm
Dead-body

যোৰহাট জিলাৰ টীয়ক আৰক্ষী থানাৰ অন্তৰ্গত কলিয়াপানীৰ এটা ইটাভাতাৰ কাষৰ খাৱৈত এজন যুৱকৰ অৰ্ধ গলিত যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

গকুল বৰা নামৰ এজন লোকৰ মালিকানাধীন জে.বি.আই নামৰ ইটা ভাটাটোৰ কাষৰ খাৱৈত যোৱা সোমবাৰে উদ্ধাৰ হৈছে মৃতদেহটো।

উদ্ধাৰ হোৱা যুৱকজন কলিয়াপানীৰ ভৰত কুৰ্মী বুলি জানিব পৰা গৈছে।

পৰিয়ালৰ সুত্ৰই জনোৱামতে বিগত চাৰিদিন ধৰি নিখোজ হৈ আছিল যুৱকজন।

কি পৰিস্হিতিত যুৱকজন ইটাভাটাটোৰ খাৱৈত পৰিল সেয়া জানিব পৰা হোৱা নাই।

আৰক্ষীয়ে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।