NORTHEAST NOW (Assamese)
অসম

তিনিচুকীয়াৰ লিডুত ‘শনি’ৰ গ্ৰাসত শনি মন্দিৰ, ৪ৰ্থ বাৰলৈ সংঘটিত চুৰি!

Posted by: মানস প্ৰতিম গগৈ August 7, 2018 6:14 pm
tinisukia

তিনিচুকীয়া জিলাৰ লিডুৰ ৰদ গাঁৱৰ পাঁ‌চ আলিস্থিত শনি মন্দিৰটোৰ তলা ভাঙি দান পাত্ৰৰ পৰা সোমবাৰে নিশা কেইবা হাজাৰো টকা চুৰি কৰি নিয়ে।

চোৰে দান পাত্ৰটো ৰদ গাওঁ প্ৰাথমিক বিদ্যালয়ৰ চৌহদৰ পেলাই থৈ যায়।

ঘটনা সন্দৰ্ভত মন্দিৰ সমিতিৰ সভাপতি বিকি দাসে লিডু আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে।

উল্লেখযোগ্য যে এই মন্দিৰটোত ইতিপূৰ্বেও তিনিবাৰকৈ চুৰি হৈছে।

জিলাখনৰ বিভিন্ন প্ৰান্তত চোৰৰ উপদ্ৰৱ বৃদ্ধি পোৱাত আৰক্ষীৰ সক্ৰিয়তাক লৈয়ে ৰাইজৰ মনত প্ৰশ্নৰ উদয় হৈছে।