NORTHEAST NOW (Assamese)
অসম

নগাঁৱত অৱহেলিত অৱস্থাত পৰি আছে মাধ্যম আন্দোলনৰ চহিদ অনিল বৰাৰ স্মৃতি সৌধ

Posted by: মিণ্টু দাস August 8, 2018 11:54 am
80af903a-d21a-4780-9c6d-c592cecd0a90

১৯৭২ চনৰ মাধ্যম আন্দোলনৰ চহিদ অনিল বৰাৰ পবিত্ৰ স্মৃতিত নগাঁও নেহৰুবালিৰ কাষতে নিৰ্মাণ কৰা হৈছিল এটা স্মৃতি সৌধ। কিন্তু আজিলৈকে যে আমি জাতীয় চহিদ সকলক প্ৰাপ্য সন্মান দিয়া নাই তাকেই পুনৰ প্ৰমাণ কৰি দিছে চহিদ অনিল বৰাৰ স্মৃতি সৌধটোৰ দুখলগা দৃশ্যই।

উল্লেখযোগ্য যে নগাঁও চহৰৰ দাঁতিকাষৰীয়া পলাশনিত জন্মগ্ৰহন কৰা অনিল বৰাৰ ১৯৭২ চনৰ ৭ অক্টোবৰত মৃত্যু হৈছিল। অসম বিৰোধী চক্ৰই হোজাইত নিষ্ঠুৰভাবে হত্যা কৰিছিল অনিল বৰাক।

অসমত অসমীয়া ভাষা শিক্ষাৰ মাধ্যম হ’ব লাগে বুলি সবল প্ৰতিবাদ কৰি তথা আন্দোলনত জপিয়াই পৰি আত্মবলিদান দিয়া অনিল বৰাক পৰবৰ্তী সময়ত সদৌ অসম ছাত্ৰ সন্থাই চহিদ হিচাপে ঘোষণা কৰিছিল।

চহিদ অনিল বৰাৰ স্মৃতিত নগাঁও চহৰৰ নেহৰুবালিৰ কাষতে সদৌ অসম ছাত্ৰ সন্থাৰ নগাঁও জিলা সমিতি আৰু নগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ তৎপৰতাত এটা স্মৃতিসৌধও নিৰ্মাণ কৰা হৈছিল। কিন্তু বৰ্তমান এই স্মৃতিসৌধটোৰ অৱস্থা পুতৌলগা।

উল্লেখ্য যে চদিহজনৰ মৃত্যুৰ দিনা ছাত্ৰ সন্থাৰ কৰ্মীসকলে স্মৃতিসৌধটো পৰিস্কাৰ কৰি বন্তি প্ৰজ্বলন কৰে আৰু বছৰৰ বাকী সময়খিনি এনেদৰেই অৱহেলিত হৈ থাকে স্মৃতি সৌধটো।

লক্ষণীয় কথা, এই স্মৃতিসৌধটোৰ পৰা মাত্ৰ ৩০-৪০ মিটাৰ মান নিলগতে নগাঁও জিলা ছাত্ৰ সন্থাৰ কাৰ্যালয়। তদুপৰি চহিদ অনিল বৰাৰ স্মৃতিসৌধৰ সন্মুখতে অসম গণ পৰিষদ দলৰ নগাঁও জিলা সমিতিৰ কাৰ্যালয়। এই দুয়োটা কাৰ্যালয়লৈকে দল-সংগঠন দুটাৰ জিলা পৰ্যায়ৰ নেতাসকলৰ লগতে কেন্দ্ৰীয় পৰ্যায়ৰ শীৰ্ষ নেতাসকলৰো সঘন আহ যাহ। তথাপিও কিন্তু জৰাজীৰ্ণ আৰু অপতৃণৰে ভৰি পৰা স্মৃতিসৌধটো পৰিস্কাৰ কৰি মেৰামতি কৰাৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই।

33c18199-0cc3-4503-b9cb-ce0934212993

উল্লেখ্য, চহিদ অনিল বৰা সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদকৰ দায়িত্বত থকাৰ লগতে নগাঁও মহাবিদ্যালয়ৰো ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদকৰ দায়িত্বত আছিল। নগাঁও মহাবিদ্যালয়ৰ হৈ থকা মহাৰজত জয়ন্তীত অৱশ্যে চহিদগৰাকীৰ এটা আবক্ষমূৰ্তি আটকধুনীয়াকৈ ৰাখিছে মহাবিদ্যালয় কৰ্তৃপক্ষই। ইয়াৰ উপৰি মহাবিদ্যালয় কৰ্তৃপক্ষই এটা প্ৰেক্ষাগৃহো চহিদগৰাকীৰ নামত উৎসৰ্গা কৰি ৰাখিছে।

কিন্তু ছাত্ৰ সন্থাৰ তৎপৰতাত নগাঁও নেহৰুবালিৰ কাষত নিৰ্মিত স্মৃতিসৌধটোৰ বৰ্তমানৰ জৰাজীৰ্ণ অৱস্থাই ব্যাথিত কৰি তুলিছে অসম আন্দোলনৰ লগত জড়িত নগাঁৱৰ বহু বিশিষ্ট ব্যক্তিক।

বিশিষ্ট শংকৰী সাহিত্যৰ গৱেষক তিলক চন্দ্ৰ মজুমদাৰে এই প্ৰসংগত নৰ্থ-ইষ্ট নাওৰ আগত কয় যে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী প্ৰস্তুতৰ ক্ষেত্ৰত অসমৰ ৰাজ্য, ভাষা আন্দোলন, বিশ্ববিদ্যালয়ৰ মাধ্যম আন্দোলন আৰু অসমৰ অস্তিত্ব ৰক্ষাৰ আন্দোলনৰ চহিদসকলৰ ত্যাগক সোঁৱৰিবই লাগিব। কিন্তু এই চহিদসকলৰ ত্যাগৰ বিনিময়ত কৰিবলগীয়াখিনি আমি আন্তৰিকতাৰে কৰা নাই। অসমৰ জাতীয় বিপৰ্যয়ৰ সময়তহে সেই সকলৰ নাম আৰু ত্যাগৰ কথা বক্তৃতাত প্ৰকাশ পায়। আমি সদায় দেখি থকা অনিল বৰাৰ স্মৃতিসৌধৰ অৱস্থাও পুতৌলগা। সংশ্লিষ্ট পক্ষই এই স্মৃতিসৌধটো মেৰামতি কৰি ধুনীয়া কৰাৰ বাবে আহ্বান জনাইছো।