NORTHEAST NOW (Assamese)
অসম

সাংবাদিকৰ চিকিৎসা কল্যাণ পুঁজিৰ অধীনত বিশ্বনাথৰ সাংবাদিকলৈ ১ লাখ টকা

Posted by: কাজি জেইদুল ইছলাম August 8, 2018 8:29 pm

অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগৰ অভিলাষী আঁচনি সাংবাদিকৰ চিকিৎসা কল্যাণ পুঁজিৰ অধীনত বিশ্বনাথ জিলাৰ সাংবাদিক ভূচিত্ৰ দাধৰাক আজি ১ লাখ টকাৰ চিকিৎসা সাহায্য প্ৰদান কৰা হয়।

আজি উপায়ুক্তৰ কাৰ্যালয় কক্ষত আয়োজিত এক বিশেষ অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হৈ বিশ্বনাথৰ উপায়ুক্ত ধীৰাজ জ্যোতি কলিতাই ‘নিয়মীয়া বাৰ্তা’ কাকতৰ সাংবাদিকগৰাকীৰ হাতত আনুষ্ঠানিকভাৱে এই সাহায্যৰ চেকখন তুলি দিয়ে।

উল্লেখযোগ্য যে ৰাজ্যখনৰ সংবাদকৰ্মীসকলৰ সৰ্বাংগীণ কল্যাণৰ বাবে বৰ্তমানৰ চৰকাৰখনে বিগত দিনবোৰত বহুতো অভিলাষী আঁচনি গ্ৰহণ কৰিছে।

আনহাতে আজিৰ অনুষ্ঠানটোত অতিৰিক্ত উপায়ুক্ত পাৰিজাত ভূঞা, সহকাৰী আয়ুক্ত আবুল কালাম আৰু বিশ্বনাথ জিলাৰ দায়িত্বত থকা মহকুমা তথ্য আৰু জনসংযোগ বিষয়া প্ৰশান্ত কুমাৰ বৰাৰ লগতে স্থানীয় বহুকেইগৰাকী সাংবাদিকো উপস্থিত থাকে।