NORTHEAST NOW (Assamese)
অসম

বজালীত শিক্ষয়িত্ৰীয়ে ৰাজপথতে প্ৰহাৰ কৰিলে ছাত্ৰক; ক্ষুব্ধ ৰাইজে আবদ্ধ কৰি ৰাখিলে বহু সময়

Posted by: শশাংক তালুকদাৰ August 10, 2018 8:56 pm
Balai_Teacher

বজালীত এগৰাকী শিক্ষয়িত্ৰীয়ে সীমা চেৰাই গৈ ৰাজপথতে এজন ছাত্ৰক প্ৰহাৰ কৰা ঘটনাই অঞ্চলটোৰ ৰাইজক ক্ষুব্ধ কৰি তুলিছে। শিক্ষয়িত্ৰীগৰাকীৰ এই বিবেচনাহীন আচৰণত ক্ৰোধিত হোৱা স্থানীয় ৰাইজে কিছু সময় ধৰি শিক্ষয়িত্ৰীগৰাকীক আবদ্ধ কৰি ৰাখে।

আনহাতে ঘটনাৰ অলপ পিছতে তাত সাংবাদিক গোট খোৱাত কেমেৰাৰ পৰা পলাবলৈ চেষ্টা কৰে শিক্ষয়িত্ৰীগৰাকীয়ে।

স্থানীয় লোকে জনোৱামতে, বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দীপ্তি ভৰালী নামৰ শিক্ষয়ত্ৰীগৰাকীয়ে বিদ্যালয়খনৰ নৱম শ্ৰেণীৰ এজন ছাত্ৰক পথৰ ওপৰতে চৰ শোধায়৷ প্ৰত্যক্ষদৰ্শীৰ মতে, কিবা কাৰণত ৰিক্সাৰ পৰা নামি শিক্ষয়িত্ৰীগৰাকীয়ে ছাত্ৰজনক চৰিয়াই দিয়ে৷

পিছত ৰাইজৰ প্ৰশ্নবাণৰ সন্মুখীন হৈ ছাত্ৰজন গাড়ীৰ আগত পৰা বুলি এক মিছা অভিযোগ আনে শিক্ষয়ত্ৰীজনে৷

ভুক্তভোগী ছাত্ৰজনৰ নাম অমিত কুমাৰ ৰয় আৰু তেওঁৰ ঘৰ পাঠশালাত বুলি জানিব পৰা গৈছে। তেওঁ বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰে নৱম শ্ৰেনীত পঢ়ি আছে। ছাত্ৰজনৰ লগতে স্থানীয় ৰাইজেও শিক্ষয়িত্ৰগৰাকীৰ এই ব্যৱহাৰৰ ন্যায় বিচাৰ দাবী কৰিছে৷

উল্লেখযোগ্য যে বিদ্যালয়ত শাৰীৰিক শাস্তি নিষিদ্ধ কৰি থৈছে উচ্চতম ন্যায়ালয়ে। ইয়াৰ বাবে ২০০০ চনতে এখন বিশেষ আইন আনিছিল উচ্চতম ন্যায়ালয়ে। কিন্তু এইবোৰ সম্পৰ্কত একো জ্ঞান নথকা এচাম শিক্ষক-শিক্ষয়িত্ৰীয়ে বিভিন্ন অজুহাতত ছাত্ৰ-ছাত্ৰীৰ ওপৰত হাত তুলি আহিছে।