NORTHEAST NOW (Assamese)
অসম

গুৱাহাটীত উত্তৰ-পূব কাব-বুলবুল উৎসৱত কৃতিত্ব শিৱসাগৰৰ লক্ষ্মীনাথ বেজবৰুৱা শিশু ভৱন প্ৰাথমিক বিদ্যালয়ৰ

Posted by: পাৰ্শ্বজ্যোতি গগৈ August 11, 2018 6:55 pm
(Cub Bul Bul ) Lakhinath Bezbaruah school sivasagar

গুৱাহাটীত ৫ দিনীয়াকৈ অনুষ্ঠিত হোৱা উত্তৰ-পূৰ্বাঞ্চলৰ কাব-বুলবুল উৎসৱত অসম দলৰ হৈ শিৱসাগৰৰ লক্ষ্মীনাথ বেজবৰুৱা শিশু ভৱন প্ৰথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰি বিশেষভাৱে প্ৰশংসা বুটলি আনিবলৈ সক্ষম হৈছে।

বিদ্যালয়খনৰ মুঠ ২৫ জনীয়া দলটিয়ে প্ৰধান শিক্ষক ৰঞ্জিত চুতীয়া আৰু জ্ঞানোদয় প্ৰথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰদীপ কুমাৰ বৰুৱাই কাব মাষ্টৰ আৰু বিদ্যালয়খনৰ সহ শিক্ষয়িত্ৰীদ্বয় ৰিণুমণি গগৈ আৰু সংগীতা চেতিয়াই বুলবুল ফিল্ড লিডাৰ হিচাপে দায়িত্ব লৈছিল।

উৎসৱত অসমৰ হৈ যোগদান কৰা এই দলটিয়ে প্ৰদৰ্শনী, ৰেড্ ফ্লাৱাৰ, বুলবুল ট্ৰি, কলৰড, গ্ৰুপ চং, ড্ৰইং আৰু পেইণ্টিং বিভাগত প্ৰথম স্থান অধিকাৰ কৰি সুখ্যাতি লাভ কৰে। মুঠ ১৬ টা বিভাগত ১২ টা স্থানত দলটিয়ে পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয়।

তাৰোপৰি অনুষ্ঠিত হোৱা ফেশ্যন শ্ব’ত উদয়ন বড়াই ‘মিষ্টাৰ ফটোজেনিক’ আৰু তানজিনা হুছেইনে ‘মিছ বুলবুল অৱ ডি ইয়েৰ ২০১৮’ খিতাপ অধিকাৰ কৰি বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই অনাৰ লগতে উদয়াদিত্য চুতীয়াই ঢোল বাদন, উদয়ন বৰাই খোল বাদন, ছাত্ৰী জোনাক জিলমিল বৰুৱাই সত্ৰীয়া ভোৰতাল নৃত্য প্ৰদৰ্শন কৰি প্ৰশংসা বুটলিবলৈ সক্ষম হয়।

বিদ্যালয়খনৰ এই সাফল্যত সমগ্ৰ শিৱসাগৰবাসীৰ লগতে বিদ্যালয় পৰিচালনা সমিতি, অভিভাৱক আৰু শিক্ষক-শিক্ষয়ত্ৰীয়ে আনন্দ প্ৰকাশ কৰিছে।