NORTHEAST NOW (Assamese)
অসম

ৰাষ্ট্ৰসংঘৰ অধিৱেশনলৈ আমন্ত্ৰিত বৰপেটাৰ ড০ নৱজিৎ দাস

Posted by: পুলেন্দ্ৰ দাস August 11, 2018 9:19 pm

ৰাষ্ট্ৰসংঘৰ সহযোগত কেনিয়াত অনুষ্ঠিত হ’ব লগা আন্তঃৰাষ্ট্ৰীয় আলোচনা চক্ৰলৈ আমন্ত্ৰিত হৈছে বৰপেটা চহৰৰ বাসিন্দা তথা বি এইচ মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক  ড০ নৱজিৎ দাস ৷

অহা ১৯ আগষ্টৰ পৰা ২৫ আগষ্টলৈ কেনিয়াৰ নাইৰবী চহৰত অনুষ্ঠিত হ’ব লগা ২৭ সংখ্যক আন্তঃৰাষ্ট্ৰীয় প্ৰিমাটোলজিকেল চ’ছাইটিৰ অধিৱেশনত ড০ দাসে উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ নিশাচৰ বান্দৰ ‘লাজুকী বান্দৰ’ৰ সংকটৰ গৰাহত পৰাৰ কাৰণ, অন্ধবিশ্বাসমূলক ঔষধি গুণৰ বাবে হোৱা জীৱৰ চিকাৰ, আৰু ইহতৰ সংৰক্ষণৰ ওপৰত এক গৱেষণামূলক ভাষন প্ৰদান কৰিব ৷

গুৱাহাটীৰ প্ৰাইমেট ৰিচাৰ্ছ চেন্টাৰ নামৰ গৱেষণামূলক প্ৰতিষ্ঠান এটাৰ সৈতেও জৰিত ড০ দাসে অহা ১৭আগষ্টত নতুন দিল্লীৰ পৰা পৰা কেনিয়া অভিমুখে ৰাওনা হ’ব ৷

লাজুকী বান্দৰৰ ওপৰত বিশ্বৰ কেইবা ঠাইত ইতিমধ্যে গৱেষণামূলক ভাষণ প্ৰদান কৰা ড০ দাস বৰপেটা চহৰৰ পালাংদিহাটীৰ ঘনশ্যাম দাস আৰু ভাগ্যবালা দাসৰ প্ৰথম সন্তান ৷