NORTHEAST NOW (Assamese)
অসম

সঘনে স্থিতি সলনি এন আৰ চি কৰ্তৃপক্ষৰ : পুনৰ ২০ আগষ্টলৈ পিছুৱালে দাবী-নিষ্পত্তিৰ আবেদনৰ তাৰিখ

Posted by: এন ই নাও নিউজ August 11, 2018 9:52 pm
NRC

এন আৰ চি কৰ্তৃপক্ষই দ্বিতীয় বাৰৰ বাবে খচৰাত বাদ পৰা লোকৰ দাবী-নিষ্পত্তিৰ আৱেদন পত্ৰ গ্ৰহণৰ তাৰিখ পিছুৱালে। নতুনকৈ নিৰ্ধাৰণ কৰা তাৰিখ হ’ল ২০ আগষ্ট।

উল্লেখযোগ্য যে প্ৰথমে এই তাৰিখ ৭ আগষ্ট কৰিছিল এন আৰ চি কৰ্তৃপক্ষই। তাৰ পিছতে ১০ তাৰিখ কৰে।

কিন্তু ১০ তাৰিখে এন আৰ চিৰ সেৱাকেন্দ্ৰবোৰত এই সেৱা মুকলি কৰা হয় যদিও আজি এটা ঘোষণাৰ জৰিয়তে এই সেৱাৰ তাৰিখ ২০ আগষ্ট কৰা বুলি জানিব পৰা গৈছে।

মন কৰিব লগীয়া যে যোৱা ১০ আগষ্টত এন আৰ চি সেৱা কেন্দ্ৰবোৰত প্ৰচুৰ ভিৰ লাগিছিল আৰু কিছু কিছু ঠাইত বিশৃংখলাৰ পৰিস্থিতি হৈছিল।

আনহাতে আন এটা সূত্ৰই দাবী কৰিছে যে আগন্তুক স্বাধীনতা দিৱসৰ প্ৰতি লক্ষ্য ৰাখি এন আৰ চি কৰ্তৃপক্ষই এই তাৰিখলৈ পিছুৱাই দিছে।

ইতিমধ্যে এন আৰ চিৰ ৱেবছাইটত শুধৰণিৰ বাবে প্ৰপত্ৰ উপলব্ধ হৈছে বুলিও সূত্ৰটোৱে জানিবলৈ দিছে।