NORTHEAST NOW (Assamese)
অসম

কাজিৰঙাত চোৰাং চিকাৰীক গ্ৰেপ্তাৰ : অধিক তথ্যৰ বাবে জেৰা অব্যাহত

Posted by: এন ই নাও নিউজ December 22, 2017 9:24 pm

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলি বনাঞ্চলত ২০১৭ চনৰ ২১ এপ্ৰিলত সংঘটিত গঁড় হত্যাৰ মূল অভিযুক্ত দুধৰ্ষ চোৰাংচিকাৰী দীপাংকৰ পেগুক যোৱা নিশা উত্তৰ ৰেঞ্জৰ বনৰক্ষীয়ে কৰায়ত্ত কৰিছে ৷ ২৮ বছৰ বয়সীয়া দীপাংকৰ পেগুৰ ঘৰ উত্তৰ পাৰৰ লকচা গাৱঁত ৷ দীপাংকৰৰ সহযোগী আৰু দুজন চোৰাং চিকাৰী পলাই যাবলৈ সক্ষম হয় বুলি বন বিভাগে জানিবলৈ দিছে। আৰক্ষীৰ সূত্ৰই জনোৱা মতে ধৃত দীপাংকৰৰ জব্ৰে কেম্পৰ ওচৰত এটা ম’হখুঁটি আছে। আৰক্ষীয়ে দীৰ্ঘদিন ধৰি দীপাংকৰ পেগুৰ সন্ধানত অভিযান চলাই আছিল৷ অৱশেষত এক গোপন সূত্ৰৰ আধাৰত যোৱা নিশা চোৰাং চিকাৰীজনক কৰায়ত্ত কৰিবলৈ সক্ষম হয় অভিযানকাৰীৰ দল ৷ ধৃত চোৰাংচিকাৰীজনক সম্প্ৰতি কাজিৰঙালৈ আনি অধিক তথ্যৰ বাবে মাৰাথন জেৰা চলাই থকা বুলি আৰক্ষীৰ সূত্ৰই কয়৷

উল্লেখযোগ্য যে বিগত চৰকাৰবোৰৰ দৰে শাসনাধিষ্ঠিত বিজেপি চৰকাৰেও গঁড় হত্যা ৰোধ কৰাৰ প্ৰতিশ্ৰুতি দি আহিছে যদিও বাস্তৱ ক্ষেত্ৰত গঁড় হত্যা চলিয়ে আছে। যোৱা কেইমাহত ভালেকেইজন চোৰাং চিকাৰীক ধৰিবলৈ সক্ষম হ’লেও বন বিভাগ তথা আৰক্ষীৰ ভূমিকা অধিক কাৰ্য্যকৰী হোৱাৰ প্ৰয়োজন আছে বুলি সচেতন মহলে সকীয়াই আহিছে।