NORTHEAST NOW (Assamese)
অসম

কেইবাঘণ্টা ধৰি মহানগৰীৰ নলাত আবদ্ধ চিৰিয়াখানাৰ এটা হৰিণ

Posted by: কল্পজ্যোতি শইকীয়া August 16, 2018 2:35 pm

গুৱাহাটীৰ জু ৰোডৰ অম্বিকাগিৰি নগৰৰ সমীপত অসম ৰাজ্যিক চিৰিয়াখানাৰ সন্মুখৰ নলাত আজি পুৱা কেইবা ঘণ্টা ধৰি চিৰিয়াখানাৰ পৰা ওলাই অহা এটা হৰিণ আবদ্ধ হৈ আছিল। অৱশ্যে কিছু সময় পূৰ্বে হৰিণটোক উদ্ধাৰ কৰা হৈছে।

আজিৰ পুৱাৰ ভাগত চিৰিয়াখানাৰ সন্মুখৰ নলাত হৰিণটোক ককবকাই থকা দেখা পায় স্থানীয় লোকে চিৰিয়াখানা কৰ্তৃপক্ষক অৱগত কৰিছিল যদিও খবৰ দিয়াৰ ১ ঘন্টাৰ পিছতহে চিৰিয়াখানাৰ লোক আহি ঘটনাস্থলিত উপস্থিত হয় বুলি স্থানীয় ৰাইজে অভিযোগ কৰে।

কেইবা ঘণ্টা ধৰি উদ্ধাৰ অভিযান চলাই অৱশেষত তেওঁলোকে হৰিণটোক উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও বৰ্তমান হৰিণটোৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।  বৰ্তমান হৰিণটোক চিৰিয়াখানাৰ ভিতৰত থকা পক্ষো চিকিৎসালয়ত ভৰ্তি কৰোৱাই স্বাস্থ্য পৰীক্ষা কৰি থকা হৈছে।

আনহাতে, চিৰিয়াখানা কৰ্তৃপক্ষৰ হেমাহি আৰু অকৰ্মণ্যতাৰ ফলতে এই ঘটনা সংঘটিত হয় বুলি একংশই অভিযোগ কৰে। উল্লেখযোগ্য যে চিৰিয়াখানাৰ ভঙা দেৱাল আৰু বেৰাৰে পূৰ্বেও এনেদৰে চিৰিয়াখানাৰ হৰিণা বাহিৰলৈ ওলাই নলাত পৰিছিল।