NORTHEAST NOW (Assamese)
অসম

এটা যুগৰ অৱসান: জীৱনলীলাৰ সামৰণি প্ৰাক্তন প্ৰধান মন্ত্ৰী বাজপেয়ীৰ, অসমতো শোকৰ বন্যা

Posted by: এন ই নাও নিউজ August 16, 2018 6:17 pm
Atal-Bihari-Vajpayee

চিৰবিদায় মাগিলে ভাৰতৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে। আজি বৃ্হস্পতিবাৰে বিয়লি ৫:০৫ বজাত বাজপেয়ীৰ মৃত্যু হোৱা বুলি বিভাগীয় বিবৃতি জাৰি কৰিছে এইমছ কৰ্তৃপক্ষই।

সুস্থ ৰাজনীতিৰ ধ্বজাবাহক প্ৰাক্তন প্ৰধান মন্ত্ৰী, বিজেপিৰ পিতামহৰূপে পৰিচিত বৰ্ষীয়ান নেতাগৰাকীৰ মৃত্যুত দল-মত নিৰ্বিশেষে সমগ্ৰ দেশৰ লগতে অসমতো বৈচে শোকৰ বন্যা।

বাজপেয়ীৰ স্বাস্থ্যৰ অৱস্থা সংকটজনক বুলি বাতৰি ওলোৱাৰ লগে-লগেই দেশৰ সকলো ৰাজনৈতিক নেতাই ভিৰ কৰিছেহি নতুন দিল্লীৰ চিকিৎসালয়খনত। বিজেপিৰ শীৰ্ষ নেতৃত্বৰ উপৰি বিৰোধী কংগ্ৰেছ নেতা ৰাহুল গান্ধী, অৰৱিন্দ কেজৰিৱাল আদিয়েও পিতামহগৰাকীৰ খবৰ ল’বলৈ চিকিৎসালয়খনলৈ আহিছিল।

যোৱা ১১ জুনৰ পৰা চিকিৎসালয়খনত ভৰ্তি হৈ থকা বাজপেয়ীৰ স্বাস্থ্য যোৱা ৩৬ ঘণ্টাত দ্ৰুত অৱনতি ঘটে বুলি এইমছ কৰ্তৃপক্ষই সদৰী কৰিছে।

‘যোৱা ৩৬ ঘণ্টাত তেওঁৰ অৱস্থাৰ দ্ৰুত অৱনতি ঘটে। তেওঁক লাইফ ছাপ’ৰ্ট দি ৰখা হৈছিল,’ এইমছৰ বিবৃতিত প্ৰকাশ।

সকলো কাৰ্য্যসূচী বাতিল কৰি অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালো বাজপেয়ীৰ কাষলৈ বৃহস্পতিবাৰে ঢাপলি মেলিছিল।