NORTHEAST NOW (Assamese)
অসম

প্ৰাক্তন প্ৰধান মন্ত্ৰী বাজপেয়ীৰ মৃত্যুত শোক প্ৰকাশ কৰি আজি অসমত চৰকাৰী বন্ধ ঘোষণা

Posted by: এন ই নাও নিউজ August 17, 2018 7:07 am
বাবাজপেযীৰ মৃত্যুত চৰকাৰী বন্ধ

মুল্যবোধৰ ৰাজনীতিৰ ঘাইখুঁটা তথা ভাৰতৰ এগৰাকী যুগস্ৰষ্টা প্ৰাক্তন প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ বিয়োগত ৰাজ্য চৰকাৰে গভীৰ শোক প্ৰকাশ কৰি আজি অৰ্থ্যাৎ ১৭ আগষ্টৰ দিনটো চৰকাৰী বন্ধ হিচাপে ঘোষণা কৰিছে।

উল্লেখ্য যে, সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক জাননীযোগে ৰাজ্য চৰকাৰে সাতদিনীয়াকৈ ৰাজ্যিক শোক পালন কৰা হ’ব বুলি জানিবলৈ দিয়ে।

প্ৰাক্তন প্ৰধান মন্ত্ৰীগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰি শুকুৰবাৰৰ পৰা অহা ২২ আগষ্টলৈকে সকলো চৰকাৰী আৰু বেচৰকাৰী প্ৰতিষ্ঠানত ৰাষ্ট্ৰীয় পতাকা অৰ্ধনমিত কৰিবৰ বাবে নিৰ্দেশনা দিছে ৰাজ্য চৰকাৰে।

আনহাতে, আজিৰ দিনটোত চৰকাৰী-বেচৰকাৰী প্ৰতিষ্ঠানৰ লগতে সকলো চৰকাৰী-বেচৰকাৰী শিক্ষা প্ৰতিষ্ঠান বন্ধ ৰাখিবৰ বাবে আহ্বান জনাইছে ৰাজ্য চৰকাৰে।

ইয়াৰোপৰি যুগস্ৰষ্টাগৰাকীৰ শেষকৃত্য সম্পন্ন নোহোৱা পৰ্যন্ত  ৰাজ্যৰ সকলো চৰকাৰী কাৰ্যসূচী বন্ধ ৰখাৰ বাবে ৰাজ্য চৰকাৰে নিৰ্দেশ দিয়াৰ উপৰি কোনোধৰণৰ বিনোদনমূলক কাৰ্য্যসূচী অনুষ্ঠিত কৰিব নোৱাৰিব বুলিও এক নিৰ্দেশনা জাৰি কৰিছে ৰাজ্য চৰকাৰে।

উল্লেখ্য যে, চুবুৰীয়া ৰাজ্য মেঘালয়তো আজিৰ দিনটো চৰকাৰী বন্ধ ঘোষণা কৰিছে মেঘালয়ৰ ৰাজ্য চৰকাৰে।