NORTHEAST NOW (Assamese)
অসম

বদৌচা কাপ ফুটবল প্ৰতিযোগিতা; ৯ ছেপ্তেম্বৰত মাজুলীৰ গড়মূৰ মিনি ষ্টেডিয়ামত মুখ্য মন্ত্ৰীয়ে কৰিব উদ্বোধন

Posted by: মিটু খাটনিয়াৰ August 17, 2018 9:32 pm

অহা ৯ ছেপ্তেম্বৰত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মাজুলীৰ গড়মূৰ মিনি ষ্টেডিয়ামত আন্তঃৰাষ্ট্ৰীয় আমন্ত্ৰণমূলক বদৌচা কাপ ফুটবল প্ৰতিযোগিতা উদ্বোধন কৰিব।

বদৌচা স্পৰ্টছ ক্লাবৰ উদ্যোগত আৰু অসম ফুটবল সন্থাৰ তত্বাৱধানত ৯ চেপ্তেম্বৰৰ পৰা ২৩ ছেপ্তেম্বৰলৈ অসমৰ মুঠ ৭টা স্থানত উক্ত প্ৰতিযোগিতাখন অনুষ্ঠিত হ’ব।

মাজুলী জিলা ক্ৰীড়া সন্থা, তিনিচুকীয়া জিলা ক্ৰীড়া সন্থা, শদিয়া জিলা ক্ৰীড়া সন্থা, মাৰ্ঘেৰিটা জিলা ক্ৰীড়া সন্থা, ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থা, ডুমডুমা ক্ৰীড়া সন্থা, সমন্বয় সংঘ, ডিগবৈৰ সহযোগত মাজুলী, তিনিচুকীয়া, শদিয়া, মাৰ্ঘেৰিটা, ডুমডুমা, ডিগবৈ আৰু দুলীয়াজানত প্ৰতিযোগিতাখন অনুষ্ঠিত হ’ব।

প্ৰতিযোগিতাখনত বাংলাদেশৰ ছেইফ স্পৰ্টিং ক্লাব, নেপালৰ শ্যাচাল ইউথ ক্লাব, আই এচ এলৰ দ’ল জামছেদপুৰ এফ চি, যোৱা বছৰৰ বিজয়ী উত্তৰ প্ৰদেশৰ গোৰ্খা ট্ৰেইনিং চেণ্টাৰ, বি ডিভিজন আই লীগৰ বিজেতা মনিপুৰৰ ট্ৰাউ এফ চি, আসাম ৰাইফলছ, অইল ইণ্ডিয়া এফ চি, অসম পুলিচকে ধৰি মুঠ ২২টা দ’লে অংশ গ্ৰহণ কৰিব।

লীগ পৰ্যায়ত অংশ ল’বলগীয়া আন দ’ল সমূহ হৈছে ক্ৰমে বদৌচা স্পৰ্টছ ক্লাব, বাৰেকুৰি এফ চি, তিনিচুকীয়া ডিভিজনেল ৰেলৱে স্পৰ্টছ ক্লাব, সোণোৱাল কছাৰী স্বায়ত্বশাসিত পৰিষদ এফ চি, জেনেক্সট এফ চি, কুণ্ডীল ভেলী এফ চি, মৰাণ টাউন ক্লাব, যোৰহাট টাউন ক্লাব, হালোৱাটিং ইউনাইটেড এফ চি, কাৰবি আংলং মৰনিং ষ্টাৰ এফ চি, ডি এফ এ চাংলাং, নামৰূপ টাউন ক্লাব, জেৰাই মূদৈ যুৱ ক্ৰীড়া মঞ্চ আৰু দুলীয়াজান ক্লাব।

প্ৰতিযোগিতাখন পৰিচালনা কৰিব বাবে সাংসদ প্ৰদান বৰুৱাক সভাপতি, অসম ফুটবল সন্থাৰ সম্পাদক অংকুৰ দত্ত আৰু সোনোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দীপুৰঞ্জন মাক্ৰাৰীক কাৰ্যকৰী সভাপতি, জীৱন বৰুৱা আৰু উদয়ন কুমাৰ গগৈক যুটীয়া সম্পাদক হিচাপে লৈ এখন কেন্দ্ৰীয় অভ্যৰ্থনা সমিতি ইতিমধ্যে গঠন কৰা হয়।

প্ৰায় ১ কোটি ৬২ লাখ টকাৰ বাজেটৰ প্ৰতিযোগিতাখন অনুষ্ঠিত কৰিব বাবে প্ৰস্তুতি পূৰ্ণ গতিত চলাই থকা হৈছে।

আনহাতে, প্ৰতিযোগিতাখনৰ লগত সংগতি ৰাখি এখন বহুভাষিক স্মৃতিগ্ৰন্থ ‘বদৌচা’ প্ৰকাশৰো ব্যৱস্থা কৰা হৈছে। সেয়ে সকলো লেখক-লেখিকাৰ পৰা ক্ৰীড়া বিষয়ক লেখা আহ্বান কৰি বদৌচা স্পৰ্টছ ক্লাবৰ সভাপতি অৰুণজ্যোতি মৰাণ আৰু স্মৃতিগ্ৰন্থ সম্পাদক সুৰজিৎ বড়াই ৯৯৫৭৭৭৭০১৩ নম্বৰত অথবা [email protected] ত লেখাসমূহ পঠাৱলৈ অনুৰোধ জনাইছে।

আজি গুৱাহাটীৰ হোটেল গ্ৰীণ ভেলীত অনুষ্ঠিত সংবাদমেলত বদৌচা স্পৰ্টছ ক্লাবৰ সভাপতি অৰুণজ্যোতি মৰাণ, সহকাৰী সম্পাদক বিশ্বজিৎ মৰাণ, অসম ফুটবল সন্থাৰ সম্পাদক অংকুৰ দত্ত, সদৌ মৰাণ ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক মুনীন দুৱৰা, আলোচনী সম্পাদক গিৰিন মৰাণ আৰু প্ৰতিযোগিতাখনৰ স্মৃতিগ্ৰন্থ ‘বদৌচা’ৰ সম্পাদক সুৰজিৎ বড়া উপস্থিত থাকে।