NORTHEAST NOW (Assamese)
অসম

চাহ শ্ৰমিকৰ মজুৰি ৩৫০ টকালৈ বৃদ্ধিৰ দাবীত ২০ আগষ্টত চাহ বাগিছা বন্ধ

Posted by: হিতোজ্বল চেতিয়া August 19, 2018 4:58 pm
IMG-20180817-WA0005 (1)

অসমৰ চাহ শ্ৰমিকসকলে তেওঁলোকৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ দাবীত পুনৰ নামিব প্ৰতিবাদত। শ্ৰমিকসকলৰ দৈনিক মজুৰি ৩৫০ টকালৈ বৃদ্ধিৰ দাবীত অহা ২০ আগষ্টত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই সমগ্ৰ ৰাজ‍্যত বাগিচাসমূহ বন্ধৰ কাৰ্যসূচী হাতত লৈছে।

এই প্ৰতিবাদী কাৰ্যসূচী সন্দৰ্ভত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা চমুকৈ আছাৰ ডিমৌ আঞ্চলিক সমিতিৰ সভাপতি প্ৰদীপ মুণ্ডা আৰু সম্পাদক ললিত তাঁতীয়ে প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত উল্লেখ কৰিছে যে দৈনিক মজুৰি ৩৫০ টকালৈ বৃদ্ধি কৰাৰ দাবীত আছাৰ লগতে চাহ মজদুৰ সংঘ, শ্ৰমিক সংগঠন আৰু ছাত্র সংগঠন সমূহে বিভিন্ন সময়ত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি আহিছে। কিন্তু আমাৰ দাবীক আজিলৈ চৰকাৰে কোনো সহাৰি দিয়া পৰিলক্ষিত হোৱা নাই।

প্ৰেছ বিজ্ঞপ্তিখনৰ জৰিয়তে আৰু কয় যে চলিত বৰ্ষৰ ১ জানুৱাৰীতে চাহ শ্ৰমিকৰ নতুন মজুৰি চুক্তি সম্পাদন হ’ব লাগিছিল যদিও বৰ্তমানৰ চৰকাৰখনে বিষয়টো সম্পূৰ্ণ ভাৱে হস্তক্ষেপ কৰি স্থায়ী মজুৰি চুক্তি সম্পাদনা নকৰি অন্তৱৰ্তীকালীন সাহায‍্য মাত্ৰ ৩০ টকা দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। তাৰোপৰি উক্ত এৰিয়াৰৰ টকাও ১ জানুৱাৰীৰ পৰিৱৰ্তে ১ মাৰ্চৰ পৰা আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। যিটো সম্পূৰ্ণভাৱে শ্ৰমিক বিৰোধী।

সেয়েহে ডিমৌ আঞ্চলিক সমিতিৰ সভাপতি আৰু সম্পাদকে ২০ আগষ্টত ডিমৌ ৰাজহ চক্ৰৰ অন্তৰ্গত সমূহ চাহ বাগিচাৰ কাম বন্ধ ৰাখিবলৈ বাগিচাৰ কৰ্তৃপক্ষক প্ৰেছ বিবৃতিৰ জৰিয়তে দাবী জনায়।