NORTHEAST NOW (Assamese)
উত্তৰ-পূব

ভাৰতলৈ উভতিব এনএছচিএন-খাপলাঙৰ বিতাড়িত অধ্যক্ষ খাংগো কন্যাক

Posted by: সুবীৰ ভোমিক August 20, 2018 2:02 pm
k-3-570x320

এনএছচিএন-খাপলাঙৰ অধ্যক্ষ পদৰ পৰা বিতাড়িত হোৱা খাংগো কন্যাকে এনএছচিএন-(ইছাক-মুইভা) গোটত যোগদান কৰিব বুলি জানিব পৰা গৈছে। ইছাক-মুইভা গোটৰ এগৰাকী শীৰ্ষস্থানীয় নেতাই কৈছে যে খাপলাং গোটৰ পৰা বিতাড়িত হোৱাৰ পাছৰে পৰা খাংগোৰ সৈতে গোটটোৱে নিয়মীয়া যোগাযোগ ৰক্ষা কৰি আছে।

পৰিচয় প্ৰকাশ কৰাত অনিচ্ছুক ইছাক-মুইভা গোটৰ এগৰাকী শীৰ্ষস্থানীয় নেতাই কৈছে, ‘‘তেওঁক ম্যানমাৰৰ পৰা সুৰক্ষা বেষ্টনিৰ মাজত স্বদেশলৈ ওভোতাই অনা হ’ব। এই কথা স্পষ্ট যে তেওঁ তেওঁৰ সমৰ্থক সকলৰ সৈতে ইছাক-মুইভা গোটত যোগদান কৰিব।’’

খাপলাং গোটৰ কিমান সংখ্যক নেতা বা যোদ্ধাই খাংগোৰ পক্ষত আছে এই তথ্যটো অৱশ্যে স্পষ্ট নহয়।

খাপলাং গোটৰ এটা সূত্ৰত কোৱা হৈছে যে ম্যানমাৰৰ ছাংগিং ডিভিজনৰ টাগাস্থ প্ৰধান কাৰ্যালয়ত থকা এনএছচিএনৰ  অতি কমেও দুগৰাকী কন্যাক কিলোনছেৰে খাপলাং গোটত থাকিবলৈ মনস্থ কৰিছে। তেওঁলোক হৈছে নামলং কন্যাক আৰু পিয়োং কন্যাক।

চোৰাংচোৱা সূত্ৰত প্ৰকাশ পাইছে যে গোটটোৰ দুৰ্ধৰ্ষ কামাণ্ডাৰ নিকি ছুমি আৰু গোটটোৰ প্ৰচাৰ সচিব ইছাক ছুমিয়ে কেইগৰাকীমান ভাৰতীয় নাগা যোদ্ধাসহ খাংগোৰ সৈতে যোগগান কৰিছে।

খাপলাং গোটৰ সৈতে এসময়ত লেনদেন থকা এগৰাকী অৱসৰপ্ৰাপ্ত সামৰিক চোৰাংচোৱা বিষয়াই জনাইছে যে খাংগোৰ সৈতে যথেষ্ট সংখ্যক যোদ্ধাই দলত্যাগ নকৰে বাবে গোটটোৰ শক্তি কমি নাযায়। নিজৰ সমৰ্থকৰ সংখ্যা গোটত যথেষ্ট নোহোৱা বাবে খাংগোৱে গোটটোৰ পৰা ফালৰি কাটি ইছাক-মুইভা গোটত নিজৰ তাকৰীয়া সমৰ্থকসকলৰ সৈতে যোগ দি বৰ্তি থকাৰ প্ৰয়াস কৰিছে বুলি অৱসৰপ্ৰাপ্ত সামৰিক চোৰাংচোৱা বিষয়াগৰাকীয়ে প্ৰকাশ কৰিছে।

কিন্তু ইছাক-মুইফা গোটে এই পৰ্যন্ত  খাংগোই গোটটোত যোগদান কৰাৰ বিষয়ত কেন্দ্ৰীয় চৰকাৰক অৱগত কৰা নাই।

এই পৰ্যন্ত ভাৰতীয় সেনাই এই বিষয়ত কোনো নিৰ্দেশ লাভ কৰা নাই। সেনা বাহিনীৰ মতে এনএছচিএন-খাপলাং গোটটো এটা যুদ্ধংদেহী গোট, ই ২০১৫ চনত যুদ্ধ বিৰতি ঘোষণা কৰি ভাৰতীয় সেনাৰ ওপৰত আক্ৰমণ কৰিছিল।

গতিকে শীৰ্ষ মহলৰ পৰা বিশেষ নিৰ্দেশ নাথাকিলে এই গোটৰ সদস্যসকল ভাৰতীয় সেনা বাহিনীৰ মাৰণাস্ত্ৰৰ স্বাভাৱিক লক্ষ্য।

উল্লেখ্য যে কিংবদন্তী বাৰ্মিজ-নাগা বিদ্ৰোহী এছএছ খাপলাঙৰ মৃত্যুৰ পাছত চীনত প্ৰশিক্ষণপ্ৰাপ্ত গেৰিলা যোদ্ধা খাংগো কন্যাক যোৱা বছৰ খাপলাং গোটৰ অধ্যক্ষৰ দায়িত্বভাৰ গ্ৰহণ কৰিছিল।

শুকুৰবাৰে গোটটোৰ সাধাৰণ পৰিষদে তেওঁৰ বিৰুদ্ধে মহাভিযোগ উত্থাপন কৰিছিল কিন্ত তেওঁক পৰিষদৰ প্ৰধান কাৰ্যালয় নিৰাপদে ত্যাগ কৰাৰ অৱকাশ প্ৰদান কৰিছিল।

খাপলাঙৰ নাতি উং আঙে তেওঁৰ স্থানত কাৰ্যকৰী অধ্যক্ষৰ দায়িত্ব গ্ৰহণ কৰিছিল।