NORTHEAST NOW (Assamese)
উত্তৰ-পূব

মহিলা সুৰক্ষাৰ বাণী কঢ়িয়াই উত্তৰ প্ৰদেশৰ পৰা বাইকেৰে ধৰ্মনগৰ পালেহি যুৱতী-কিশোৰীৰ যুটী

August 20, 2018 4:01 pm
w-570x320

দেশজুৰি মহিলা নিৰাপত্তা নিৰাপত্তা আৰু বাইক চলোৱা সময়ত হেমলেট পৰিধানৰ আৱশ্যকীতা সম্পৰ্কে এটা সচেতনতা গঢ়াৰ লগতে বাইক চলোৱাৰ সময়ত হেলমেট পৰিধান কৰাৰ ওপৰত গণ সচেতনতা গঢ়ি তোলাৰ বাবে দুগৰাকী যুৱতীয়ে আজি ধৰ্মনগৰত আহি উপস্থিত হৈছেহি। যুৱতী-কিশোৰীৰ এই যুটীটোৱে ৭০ দিনত সমগ্ৰ ভাৰতৰ ২৫,০০০ কি:মি: যাত্ৰাপথ সামৰি ল’ব।  এই ভ্ৰমণ কালত তেওঁলোকে ভাৰতৰ প্ৰতিখন ৰাজ্যৰ ৰাজধানীত আহি উপস্থিত হ’ব।

মহিলা সুৰক্ষা আৰু বাইক চলাওঁতে  হেলমেট পৰিধান কৰাৰ সম্পৰ্কত সচেতনতাৰ সৃষ্টি কৰাৰ বাবে বাইকেৰে আহি ধৰ্মনগৰত আহি উপস্থিত হোৱা যুৱতীৰ এগৰাকী হৈছে গুজৰাট বৰোদাৰ ২১ বছৰীয়া এলভি জলী (২১) আৰু বিহাৰৰ পাটনাৰ হৰ্ষা মিশ্ৰ (১৮)। তেওঁলোক দুয়ো উত্তৰ প্ৰদেশত   UP 32GK 4321 নম্বৰত পঞ্জীয়ণভুক্ত ৫০০ চিচি বুলেট বাইক এখন চলাই আহিছে।

ত্ৰিপুৰা হৈছে যুৱতী-কিশোৰী দুগৰাকীয়ে ভ্ৰমণ কৰা নৱম খন ৰাজ্য। বাইক যাত্ৰাটোৰ পৃষ্ঠপোষকতা আৰু নিৰীক্ষণ কৰিছে ৰো’ৰ লক্ষ্ণৌৱে (লক্ষ্ণৌৰ বিখ্যাত Royal Enfield Armoured Riders  চমুকৈ Roar Lucknow)।

উত্তৰ প্ৰদেশ, পশ্চিম বংগ, অৰুণাচল প্ৰদেশ, ছিকিম, অসম, নাগালেণ্ড, মণিপুৰ আৰু ত্ৰিপুৰা ভ্ৰমণৰ পাছত যুৱতী দুগৰাকীয়ে এতিয়া মেঘালয়লৈ যাত্ৰা আৰম্ভ কৰিছে।

ধৰ্মনগৰত উপস্থিত হৈ যুৱতী দুগৰাকীয়ে ধৰ্মনগৰৰ আৰক্ষী অধীক্ষক ভানুপদ চক্ৰবৰ্তীক লগ কৰে আৰু তেওঁলোকৰ বাইক যাত্ৰাৰ উদ্দেশ্য অৱগত কৰায়।

বিগত ১০ দিনত তেওঁলোকে তেওঁলোকে ইতিমধ্যে ৯খন ৰাজ্য ভ্ৰমণ কৰিছে আৰু আগন্তুক ৭০ দিনত আন আন ৰাজ্যসমূহ ভ্ৰমণ কৰিবলৈ সক্ষম হ’ব বুলি তেওঁলোক আশাবাদী।

ধৰ্মনগৰৰ আৰক্ষী অধীক্ষকগৰাকীয়ে তেওঁলোকৰ থকা-খোৱাৰ ব্যৱস্থা কৰি দিয়ে।