NORTHEAST NOW (Assamese)
উত্তৰ-পূব

মণিপুৰত অনুষ্ঠিত হ’ব প্ৰথম সংখ্যক নৰ্থ-ইষ্ট অলিম্পিক গেইমছ

Posted by: এন ই নাও নিউজ August 21, 2018 10:47 am
unnamed

মণিপুৰ অলিম্পিক এছ’চিয়েশ্যনে অনুষ্ঠিত কৰিব প্রথম সংখ্যক নৰ্থ-ইষ্ট অলিম্পিক গেইমছ। চলিত বৰ্ষৰ ৫ৰ পৰা ৮ অক্টোবৰলৈ চলিব লগীয়া প্ৰতিযোগিতাখন ইণ্ডিয়ান অলিম্পিক এছ’চিয়েশ্যনৰ উদ্যোগত অনুষ্ঠিত হ’ব।

সোমবাৰে সন্ধিয়া অলিম্পিক ভৱনত সংবাদ কৰ্মীৰ আগত মণিপুৰ অলিম্পিক এছ’চিয়েশ্যনৰ সাধাৰণ সম্পাদক সুনীল এলাংবামে এই কথা উল্লেখ কৰি কয় যে উত্তৰ-পূবৰ আটাইকেইখন অলিম্পিক এছ’চিয়েশ্যনে একত্ৰিত হৈ এখন বৃহৎ প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ যি দীৰ্ঘদিনীয়া সপোন সেয়া বাস্তৱত পৰিণত হ’বলৈ গৈ আছে। এনেদৰে আঠখন ৰাজ্য লগ লাগি এখন প্ৰতিযোগিতা অনুষ্ঠিত কৰাটো ভাৰতীয় ক্ৰীড়া ক্ষেত্ৰৰ বাবে এক বিৰল বুলিও তেওঁ সদৰী কৰে।

‘প্ৰতিযোগিতাখন সুকলমে অনুষ্ঠিত হৈ যোৱাৰ প্ৰতি লক্ষ্য ৰাখি আমি অতি শীঘ্ৰে এখন আযোজক সমিতি গঠন কৰিম’। এই কথা কয় সাধাৰণ সম্পাদক সুনীল এলাংবামে।

আনহাতে মণিপুৰ অলিম্পিক এছ’চিয়েশ্যনৰ উপাধ্যক্ষ ইব’পিছাক শৰ্মাই কয়, ‘প্ৰতিযোগিতাখনৰ বাবে আমি ১.৬ কোটি টকাৰ বাজেট নিৰ্ধাৰণ কৰি উত্তৰ-পূৰ্বাঞ্চলীয় পৰিষদক উক্ত টকাখনি আবণ্টন দিয়াৰ বাবে আবেদন জনাইছো। উল্লেখণীয় যে আবেদন জনোৱাৰ পাছত পৰিষদে ২০ লাখ আবণ্টন দিছে আৰু ইয়াৰে ১৫ লাখ ইতিমধ্যে মুকলি কৰি দিছে’।

‘আঠখন ৰাজ্যৰ পৰা প্ৰায় ১৯০০ এথলীটে প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিব বুলি ধাৰণা কৰা হৈছে। এই প্ৰতিযোগিতাখন যোৱা জুলাই মাহতে অনুষ্ঠিত কৰাৰ কথা আছিল যদিও কিছু অসুবিধাৰ বাবে অনুষ্ঠিত কৰিব পৰা নগ’ল। প্ৰতিযোগিতাখন যাতে সুকলমে অনুষ্ঠিত কৰিব পাৰো তাৰ বাবে আমি ৰাজ্য চৰকাৰৰ পৰা আৰ্থিক সাহায্য বিচাৰিম। যদি সাহায্য নাপাও তেন্তে আমি কিছু কিছু ক্ষেত্ৰত খৰচ কমাবলগীয়া হ’ব। প্ৰতিযোগিতাখন সুকলমে অনুষ্ঠিত কৰাৰ বাবে কমেও ৮০ লাখ টকাৰ প্ৰয়োজন হ’ব’। এই দৰে প্ৰতিযোগিতাখন সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত মত প্ৰকাশ কৰে ইব’পিছাক শৰ্মাই।