NORTHEAST NOW (Assamese)
মিজোৰাম

বানাক্রান্ত কেৰালালৈ মিজোৰাম চৰকাৰৰ ২ কোটি টকাৰ আৰ্থিক সাহায্য

Posted by: এন ই নাও নিউজ August 21, 2018 8:18 pm
Kerala-flood-

কেৰালাত বানে সংহাৰী ৰূপ ধাৰণ কৰাৰ প্ৰতি লক্ষ্য ৰাখি মিজোৰাম চৰকাৰে কেৰেলা চৰকাৰলৈ ২ কোটি টকাৰ আৰ্থিক বান সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে।

মিজোৰামৰ মুখ্য মন্ত্ৰী লাল থানহাওলাই আজি কেৰালাৰ মুখ্য মন্ত্ৰীলৈ প্ৰেৰণ কৰা এখন পত্ৰৰ জৰিয়তে এই কথা জনোৱাৰ লগতে কেৰালাৰ বানত ক্ষতিগ্ৰস্ত লোকসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে।

ইয়াৰ উপৰি তেওঁ কেৰালাৰ এই ভয়াবহ বানত আক্ৰান্ত লোকসকলৰ সহায়ৰ বাবে মিজোৰাম বিধানসভাৰ ৩৪ গৰাকী কংগ্ৰেছী বিধায়কৰ প্ৰত্যেকে ১ লাখ টকাকৈ মুঠ ৩৪ লাখ টকা আগবঢ়াইছে বুলিও কেৰেলা মুখ্য মন্ত্ৰীক আন এখন পত্ৰৰ জৰিয়তে সদৰী কৰে।

উল্লেখযোগ্য কেৰালাৰ এই বিধ্ৱংসী বানত ৰাজ্যখনলৈ ইতিমধ্যে মিজোৰামৰ উপৰি অসমকে ধৰি উত্তৰ-পূবৰ অন্য ৰাজ্যসমূহেও আৰ্থিক সাহায্য প্ৰেৰণ কৰিছে।