NORTHEAST NOW (Assamese)
অসম

৫০ মাইক্ৰনতকৈ কম ডাঠ প্লাষ্টিকৰ ওপৰত ধুবুৰী জিলা প্ৰশাসনৰ নিষেধাজ্ঞা

Posted by: মুকেশ কুমাৰ সিং August 21, 2018 8:35 pm
No-to-polythene

ধুবুৰী জিলা প্ৰশাসনে ৫০ মাইক্ৰনতকৈ কম ডাঠ প্লাষ্টিকৰ ওপৰত নিষেধাজ্ঞা বলৱৎ কৰিছে। অহা ২২ আগষ্টৰ পৰা এই নিষেধাজ্ঞা বলৱৎ হ২ব বুলি জিলা প্ৰশাঐসনৰ তৰফৰ পৰা জনোৱা হৈছে।

পৰিৱেশ প্ৰদূষিত কৰা তথা পাৰিপাৰ্ষিক ভাৰসাম্যহীনতাৰ সৃষ্টি কৰা প্লাষ্টিকৰ বেগ, পাত্ৰ আদি এবাৰ মাত্ৰ ব্যৱহাৰৰ ওপৰত যাতে প্ৰতিবন্ধকতা আৰোপ কৰা হয় তাৰ ওপৰত চকু ৰখাৰ বাবে জিলা দণ্ডাধীশ অনন্ত লাল গিয়ানিয়ে ধুবুৰীৰ আৰক্ষী অধীক্ষক ধুবুৰী পৌৰ সভা, গৌৰীপুৰ আৰু বিলাসীপাৰা টাউন কমিটী আদি সংশ্লিষ্ট সকলো দায়িত্বশীল কৰ্তৃপক্ষলৈকে নিৰ্দেশ দিছে।

এই নিৰ্দেশ অমান্য কৰা সকলক ভাৰতীয় দণ্ডবিধিৰ ১৮৮ ধাৰা অনুসৰি শাস্তি প্ৰদান কৰা হ’ব বুলি নিৰ্দেশটোত উল্লেখ কৰা হৈছে।