NORTHEAST NOW (Assamese)
অসম

পৱিত্ৰ ঈদৰ মাজতে বটদ্ৰৱাত পথ দুৰ্ঘটনা; এজন নিহত

Posted by: মিণ্টু দাস August 22, 2018 5:02 pm

ৰাজ্যজুৰি পৱিত্ৰ ঈদ উল জোহাৰ আনন্দ-উল্লাস বৰ্তি থকাৰ সময়তে আজি পুৱতি নিশা বটদ্ৰৱাত এক শোকাৱহ দুৰ্ঘটনা সংঘটিত হয়।

উল্লেখযোগ্য যে বটদ্ৰৱাৰ শান্তিজানত পথৰ পৰা নিয়ন্ত্ৰণ হেৰুৱাই তীব্ৰবেগী এএছ ০২ আৰ – ৭৪০৪ নম্বৰৰ এখন ইয়ন গাড়ী বিলৰ পানীত বাগৰি পৰাত দুৰ্ঘটনাটো সংঘটিত হয়।

ফলত গাড়ীখনৰ চালকজন ঘটনাস্থলীতে নিহত হয়। অৱশ্যে গাড়ীখনত থকা আন দুজন আৰোহী সৌভাগ্যক্ৰমে ৰক্ষা পৰে। নিহত চালকজনক নুৰ ইছলাম বুলি চিনাক্ত কৰা হৈছে।

প্ৰাপ্ত তথ্য মতে আজি পৱিত্ৰ ঈদ উপলক্ষে মৈৰাবাৰীৰ পৰা নিজগৃহ শিলপুখুৰী অভিমুখে আহি থকা অৱস্থাত পুৱতি নিশা বটদ্ৰৱাৰ শান্তিজানত পথেৰে পাৰ হ’বলৈ ধৰা এটা মেকুৰী বচাবলৈ গৈ নিয়ন্ত্ৰণ হেৰুৱাই বিলত বাগৰি পৰে ইয়ন গাড়ীখন।

ইফালে ঘটনা সন্দৰ্ভত বটদ্ৰৱা আৰক্ষীয়ে জানিব পাৰি পুৱা ডুবাৰু বাহিনীৰ সহযোগত গভীৰ পানীৰ তলত আবদ্ধ হৈ থকা গাড়ীখনৰ লগতে মৃত নুৰ ইছলামকো উদ্ধাৰ কৰে।

পিছত আৰক্ষীয়ে মৃতদেহটি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।