NORTHEAST NOW (Assamese)
Popular Stories

‘ৰান হিমা ৰান’ শ্লোগান লৈ জাকাৰ্টালৈ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ

Posted by: এন ই নাও নিউজ August 23, 2018 11:11 am
Zubeen & Hima

অসমৰ সংগীত জগতৰ এক চিৰ পৰিচিত কণ্ঠ তথা নৱ প্ৰজন্মৰ হাৰ্ট থ্ৰ’ৱ জুবিন গাৰ্গ ( Zubeen Garg )ক অসমৰ জনসাধাৰণে বিভিন্ন সময়ত দেখা পাই বিভিন্ন ৰূপত। সাংস্কৃতিক ক্ষেত্ৰখনৰ লগতে বিভিন্ন সময়ত বিভিন্ন সামাজিক কাম-কাজৰ উপৰি ক্ৰীড়া ক্ষেত্ৰখনতো জড়িত হোৱা দেখা পোৱা যায় জুবিনক। কেতিয়াবা খেলপথাৰত ফুটবলাৰ হিচাপে আৰু কেতিয়াবা আৰ্থিক সংকটত ভোগা খেলুৱৈক সহায় কৰা। মুঠতে ক্ৰীড়া ক্ষেত্ৰখনৰ সৈতে অন্য এক টান আছে জুবিন গাৰ্গৰ।

স্মৰ্তব্য যে অতি ব্যস্ততা পূৰ্ণ জীৱন অতিবাহিত কৰা জুবিনে অলপতে ৰাছিয়ালৈ গৈ ফুটবল বিশ্বকাপ উপভোগ কৰাৰ পাছত এইবাৰ ইণ্ডোনেছিয়াৰ জাকাৰ্টাত অনুষ্ঠিত হৈ থকা এছিয়ান গেইমছ উপভোগ কৰিবলৈ সাজু হৈছে জনপ্ৰিয় কণ্ঠশিল্পীগৰাকী।

ভাৰতীয় এথলীট জগতৰ নৱতম চাঞ্চল্য তথা অসম জীয়ৰী হিমা দাসৰ আমন্ত্ৰণ মৰ্মেই ষ্টেডিয়ামত উপস্থিত থাকি এথলীটগৰাকীক উৎসাহ তথা প্ৰেৰণা যোগোৱাৰ উদ্দেশ্যে জুবিন গাৰ্গ আজি উৰা মাৰিব ইণ্ডোনেছিয়ালৈ।

উল্লেখযোগ্য যে স্বৰ্ণকন্যা হিমা দাসে ২৫ আগষ্টত অংশ ল’ব এছিয়ান গেইমছৰ ব্যক্তিগত ৪০০ মিটাৰ দৌৰত। আৰু সেয়ে ‘ৰান হিমা ৰান’ শীৰ্ষক শ্লোগান লৈ জাকাৰ্টা অভিমুখে উৰা মাৰিব জুবিন। এছিয়াডত নিজৰ দক্ষতাৰে পদক আজুৰি আনিবলৈ হিমা সক্ষম হ’ব বুলিও জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে সদৰী কৰে।

আনহাতে এইবাৰৰ এছিয়ান গেইমছ অসমৰ বাবে কিছু সুকীয়া। কিয়নো পূৰ্বৰ সকলো ৰেক’ৰ্ড ভংগ কৰি এইবাৰ এছিয়াডত অসমৰ পৰা ছয়গৰাকী খেলুৱৈ অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে। ছয়গৰাকী খেলুৱৈৰ ভিতৰত অন্যতম আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈছে হিমা দাস। কিয়নো অলপতে ফিনলেণ্ডত অনুষ্ঠিত বিশ্ব জুনিয়’ৰ এথলেটিকছ চেম্পিয়নশ্বিপত মহিলাৰ ৪০০ মিটাৰ দৌৰত স্বৰ্ণ জয় কৰি ইতিহাস সৃষ্টি কৰিছিল হিমা দাসে।