NORTHEAST NOW (Assamese)
অসম

উত্তৰ লখিমপুৰত নাতিয়েকৰ দ্বাৰা পৰিত্যক্ত হ’ল আশী বছৰীয়া বৃদ্ধা

Posted by: ফাৰহানা আহমেদ August 24, 2018 6:46 pm
14365907227_4ce9181902_b

অসমত শেহতীয়াকৈ বৃদ্ধ-বৃদ্ধাসকল নিৰ্যাতিত হোৱাৰ ঘটনা ক্ৰমাৎ বৃদ্ধি পাই আহিছে। শেষ বয়সত অলপমান আশ্ৰয়ৰ অভাৱত বৃদ্ধ-বৃদ্ধাসকলে আত্মহত্যা পৰ্যন্ত কৰাৰ দৰে কৰুণ ঘটনা ৰাজ্যখনত সংঘটিত হৈছে।

বৃহস্পতিবাৰে নিশা উত্তৰ লখিমপুৰৰ নাকাৰি এলেকাৰ সুন্দৰ নগৰৰ বাসিন্দা কমল কাকতী নামৰ গৃহস্থৰ ঘৰত মানৱতাক নিৰ্লজ্জভাৱে ভূ-লুণ্ঠিত কৰা  বৃদ্ধা নিৰ্যাতনৰ কৰুণ ঘটনা এটা সংঘটিত হোৱাৰ বাতৰি পোহৰলৈ আহিছে।

দুৰ্ভগীয়া বৃদ্ধাগৰাকীৰ নাম হৈছে কুসুম কাকতী। এই বৃদ্ধাগৰাকীক তেওঁৰ নাতি ৰাজ্যিক জলসিঞ্চন বিভাগৰ চাকৰিয়াল সঞ্জীৱ কাকতীয়ে গৰৰ পৰা বাহিৰ কৰি দিয়ে। সঞ্জীৱ বৰ্তমান ডিব্ৰুগড়ত কৰ্মৰত।

সঞ্জীৱে এই গৰ্হিত ঘটনা সংঘটিত কৰাৰ পাছত স্থানীয় লোকে আৰক্ষীক খবৰ দিয়ে আৰু বৃদ্ধাগৰাকীক উত্তৰ লখিমপুৰৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয়। ইতিমধ্যে স্থানীয় মহিলা সমিতিয়ে উত্তৰ লখিমপুৰ সদৰ থানাত সঞ্জীৱ কাকতী আৰু সঞ্জীৱৰ মাতৃৰ বিৰুদ্ধে বৃদ্ধাগৰাকীৰ প্ৰতি অৱহেলা কৰা এটা অভিযোগ দাখিল কৰিছে।

শেহতীয়া বাতৰি অনুসৰি সঞ্জীৱে তেওঁৰ বৃদ্ধা আইতাকক চিকিৎসালয়ৰ পৰা ঘৰলৈ ওভোতাই লৈ গৈছে।