NORTHEAST NOW (Assamese)
অসম

কোকৰাঝাৰত সপ্তম শ্ৰেণীলৈকে অধ্যয়ন কৰা ‘চিকিৎসক’ গ্ৰেপ্তাৰ

Posted by: ৰিণয় বসুমতাৰি August 26, 2018 11:22 pm
Fake-doctor-570x320

ৰাজ্যত ক্ৰমান্বয়ে বৃদ্ধি পাব ধৰিছে ভুৱা চিকিৎসকৰ দপদপনি। আজি কিছু দিনপুৰ্বে বৰপেটাত এজন ‘মুন্নাভাই’ সদৃশ চিকিৎসক আটক হোৱা ঘটনাই সৃষ্টি কৰা চাঞ্চল্য মাৰ নৌযাওঁতেই আজি কোকৰাঝাৰ নগৰত আৰক্ষীয়ে এজন ভুৱা চিকিৎসকক আটক কৰে।

ধৃত লোকজনক ধুবুৰী জিলাৰ গৌৰীপুৰ আৰক্ষী থানাৰ অধীনৰ দম্পুৰগ্ৰাম আলমগঞ্জৰ বাসিন্দা হাফিজ আজিজুৰ ৰহমান (৩৫) বুলি কোকৰাঝাৰৰ আৰক্ষী অধীক্ষক ৰাজেন সিঙে জানিবলৈ দিয়ে।

আৰক্ষী অধীক্ষক গৰাকীয়ে জানিবলৈ দিয়া মতে মাত্ৰ সপ্তম শ্ৰেণীলৈকে অধ্যয়ন কৰা লোকজনে নিজকে পাইলছ আৰু অন্যান্য কিছু ৰোগৰ বিশেষজ্ঞ বুলি পৰিচয় দিয়াল লগতে ৰোগৰ দৰবো দিয়ে। তেওঁ কোকৰাঝাৰ নগৰৰ বহু লোকক কবিৰাজি চিকিৎসা প্ৰদান কৰা বুলি আৰক্ষীৰ আগত প্ৰকাশ কৰে।

তেওঁৰ পৰা আৰক্ষীয়ে এটা ৰক্তচাপ জোখা যন্ত্ৰৰ লগতে বহু দৰব তথা প্ৰেছক্ৰিপশ্যন উদ্ধাৰ কৰে।

আনহাতে ধৃত হাফিজ আজিজুৰ ৰহমানে কয়, ‘মই ডাক্তৰ নহয় আৰু মই এম বি বি এছো পঢ়া নাই। কিন্তু মই কবিৰাজি কৰোঁ আৰু ৰোগীক চিকিৎসাও কৰিছো।‘ তেওঁ কেতিয়াও নিজকে ডাক্তৰ বুলি দাবী কৰা নাই বুলি প্ৰকাশ কৰে।

ধৃত আজিজুৰক কোকৰাঝাৰ আৰক্ষীয়ে নিজৰ জিম্মাত ৰাখি তেওঁৰ বিৰুদ্ধে ন্যায়িক ব্যৱস্থা গ্ৰহণ কৰিছে বুলি আৰক্ষী অধীক্ষক ৰাজেন সিঙে জানিবলৈ দিয়ে।