NORTHEAST NOW (Assamese)
অসম

বন বিভাগ, প্ৰকৃতিপ্ৰেমীৰ সহযোগত বিশ্বনাথত উদ্ধাৰ প্ৰকাণ্ড চকৰী ফেঁটী

Posted by: কাজি জেইদুল ইছলাম August 27, 2018 8:11 am
চকৰী ফেঁটী উদ্ধাৰ

বিশ্বনাথ চাৰিআলিৰ বামগাওঁত দেওবাৰে এটা সাপক কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হয়। এটা গাঁতত সাপ এটা প্ৰত্যক্ষ কৰি ৰাইজৰ মাজত হুৱাদুৱাৰ সৃষ্টি হয়।

জানিব পৰা মতে বামগাঁওৰ নিবাসী অৰূপ শৰ্মাই যোৱা কিছু দিনৰ আগতে প্ৰায় ১৫ ফুট দৈঘ্যৰ এটি গাঁত খান্দি ওলিয়াইছিল। কিন্তু শনিবাৰে নিশা গাঁতটোত সাপ এটা আহি আৱদ্ধ হৈ পৰে আৰু তাৰ পিছত দেওবাৰে পুৱা ভাগত গাঁতটোত কাম কৰিবলৈ অহা লোকসকলে সাপটো প্ৰত্যক্ষ কৰে।

পৰৱৰ্তী সময়ত বন বিভাগক খবৰ দিয়াত বন বিভাগৰ লগতে প্ৰকৃতিপ্ৰেমী তথা সৰ্পমানব ৰূপে খ্যাত তেজপুৰৰ সৌৰভ বৰকটকী আহি তাত উপস্থিত হয়। পোন প্ৰথমে সাপটো কিং কোব্ৰা বুলি ধাৰণা কৰা হৈছিল। কিন্তু পূব শোণিতপুৰ বন সংমণ্ডল প্ৰাধিকাৰী সুহাশ কদমৰ তত্বাৱধানত সৌৰভ বৰকটকীৰ সহায়ত সাপটো উদ্ধাৰ কৰাৰ পিছত পোহৰলৈ আহে যে সাপটো চকৰী ফেঁটীহে।

ইপিনে সাপটো উদ্ধাৰৰ পিছতে প্ৰকৃতিপ্ৰেমী সৌৰভ বৰকটকীয়ে মন্তব্য কৰে যে সাপ কেতিয়াও মানুহৰ শত্ৰু হব নোৱাৰে, সাপ বচাওঁক কাৰণ সাপে কীট পতংগ ভক্ষণ কৰি খেতিৰ ক্ষেত্ৰত বহু উপকাৰ কৰে। উদ্ধাৰ কৰা সাপটো পিছত বন বিভাগে লৈ যায়।