NORTHEAST NOW (Assamese)
মণিপুৰ

লাইশ্ৰাম ছিলালৈ ‘মেইটে চানু ২০১৭’ মুকুট

Posted by: সভাপতি ছামম December 24, 2017 8:47 pm

শনিবাৰে নিশা ইম্ফলৰ পেলেছ চৌহদত অৱস্থিত ভাগ্যচন্দ্ৰ মুকলি প্ৰেক্ষাগৃহত আয়োজিত এক পৰম্পৰাগত সৌন্দৰ্য প্ৰতিযোগিতাত পশ্চিম ইম্ফল জিলাৰ পিছোম নিনগম লেইকাইৰ লাইশ্ৰাম ছিলা ছানুয়ে ‘মেইটে চানু ২০১৭’ মুকুট অৰ্জন কৰে। প্ৰতিযোগিতাখনত পূব ইম্ফল জিলাৰ ৫ নং খংমাং অঞ্চলৰ চাইখম ধাফেনি আৰু কাকিচং জিলাৰ লাইশ্ৰাম ছোনীয়া চানুয়ে ক্ৰমে প্ৰথম ৰানাৰ্চ আপ আৰু দ্বিতীয় ৰানাৰ্চআপৰ খিতাপ অৰ্জন কৰে। আনহাতে পূব ইম্ফল জিলাৰ চিৰাম প্ৰিয়চৰচিনিয়ে ধুনীয়া হাঁহিৰ খিতাপ অৰ্জাৰ বিপৰীতে এল চিলালৈ ধুনীয়া চুলিৰ খিতাপ আগবঢ়োৱা হয়। উল্লেখযোগ্য যে মণিপুৰৰ পবিত্ৰ ছনমাহি ধৰ্মৰ পৰম্পৰা তথা ৰীতি-নীতি মেইটে মহিলা সকলক পৰিচয় কৰাৰ উদ্দেশ্যে লেইনিংথৌ ছনমাহী ছানাপুং নামৰ মণিপুৰৰ এটা স্থানীয় সংগঠনে উক্ত সৌন্দৰ্য প্ৰতিযোগিতাখন আয়োজিত কৰিছিল। সৌন্দৰ্য প্ৰতিযোগিতাখনৰ অংশ হিচাপে প্ৰতিযোগী সকলে গ্ৰেণ্ড ফিনালেৰ পূৰ্বে কেইবাটাও স্তৰ পাৰ হৈ আহিছে য’ত তেওঁলোকে বিভিন্ন ধৰণৰ পৰম্পৰাগত ৰীতি-নীতি আৰু কাৰ্যসূচীত অংশ লয়।