NORTHEAST NOW (Assamese)
অসম

ভেটী লৈ থাকোতেই দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল ধেমাজিৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ড০ আব্দুল লতিফ

Posted by: মুকুট দাস August 27, 2018 9:42 pm
Bribery-570x320

আজি সন্ধিয়া প্ৰায় ৫.৩০ মান বজাত ধেমাজিত যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকক ভেটী লৈ থকা অৱস্থাত দুৰ্নীতি নিবাৰক শাখাৰ এটা দলে কাৰ্যালয়ৰ পৰা হাতে-লোটে গ্ৰেপ্তাৰ কৰে।

উল্লেখযোগ্য যে মৃদুল শৰ্মা নামৰ এজন ঠিকাদাৰৰ পৰা ১২ হেজাৰ টকা উৎকোচ লৈ গ্ৰেপ্তাৰ হ’বলগীয়া হ’ল ধেমাজিৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ড০ আব্দুল লতিফ নামৰ বিষয়াজন।

জানিব পৰা মতে যুটীয়া সঞ্চালকগৰাকীয়ে এখন ১.৮৩ লাখ টকাৰ বিল মোকলাই দিয়াৰ নামত মৃদুল শৰ্মাৰ পৰা ১৮ হেজাৰ টকা দাবী কৰিছিল।  কিন্তু মৃদুল শৰ্মাই ১৮ হেজাৰৰ বিপৰীতে ১২ হেজাৰ টকা দিম বুলি কয়। আৰু সেই মৰ্মে আজি সন্ধিয়া মৃদুল শৰ্মাই ১২ হেজাৰ টকা দিওতে সঞ্চালকজনক হাতে-লোটে গ্ৰেপ্তাৰ কৰে দুৰ্নীতি নিবাৰক শাখাই।

ইফালে আটকাধীন অভিযুক্ত বিষয়া ড০ আব্দুল লতিফৰ বিৰুদ্ধে দুৰ্নীতি বিৰোধি আইনৰ আধাৰত ভাৰতীয় দণ্ডবিধিৰ ৭ (এ), ১৩ (২), ১৩ (১) (বি) অধীনত ২০/২০১৮ নম্বৰৰ এটা গোচৰ ৰুজু কৰিছে।

আনহাতে ঘোচখোৰ বিষয়াজনক ২৮ আগষ্টৰ পূৰ্বে বিশেষ আদালতত হাজিৰ কৰোৱা হ’ব বুলিও জানিব পৰা গৈছে। তাৰোপৰি অধিক তথ্য সংগ্ৰহৰ বাবে দুৰ্নীতি নিবাৰক শাখাই বিষয়াজনক সোধা পোচা অব্যাহত ৰখা বুলি জানিবলৈ দিয়ে।