NORTHEAST NOW (Assamese)
অসম

নিৰাপত্তাৰক্ষী থকাৰ পাছতো শিৱসাগৰত বেংকৰ ভিতৰৰ পৰা দুৰ্বৃত্তই লুটি নিলে ৫৬ হেজাৰ টকা

Posted by: পাৰ্শ্বজ্যোতি গগৈ August 30, 2018 7:36 am
IMG-20180829-WA0033

শিৱসাগৰ চহৰৰ কেন্দ্ৰীয় বজাৰৰ সমীপত থকা এলাহাবাদ বেংকত বুধবাৰে এগৰাকী গ্ৰাহকে ধন জমা থবলৈ বেংকৰ ভিতৰত শাৰী পাতি থকা অৱস্থাতে কোনো অচিনাক্ত দুৰ্বৃত্তই হাতৰ পৰা টকাখিনি লৈ উধাও হয়। এই ডকাইতি কাণ্ডক লৈ সমগ্ৰ চহৰখনতে এক চাঞ্চল্যৰ সৃষ্টি হৈছে।

জানিব পৰা মতে কেন্দ্ৰীয় বজাৰৰ পাচলি ব্যৱসায়ী তুনতুন সিঙৰ পত্নী শ্ৰীকুমাৰী দেৱী নামৰ মহিলা গৰাকীয়ে কালি দুপৰীয়া এলাহাবাদ বেংকত নগদ ৫৬ হাজাৰ টকা জমা থবলৈ আহিছিল। আৰু তেতিয়াই মহিলাগাৰকীৰ পৰা টকাখিনি লুট কৰি লৈ যায়। বেংকৰ ভিতৰৰ পৰা তথা কত়ৃপৰ্ক্ষৰ নিৰাপত্তাৰক্ষী থকা সত্বেও কেনেদৰে এনেধৰণৰ ডকাইতি সংঘটিত হ’বলৈ পালে তাকে লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে।

ইয়াৰ উপৰি এলাহাবাদ বেংকৰ উক্ত শাখাটোৰ ভিতৰ ভাগতে হওক বা বাহিৰতে হওক কোনো ধৰণৰ চিচিটিভি কেমেৰাৰ ব্যৱস্থা নাই। ইয়াৰ সুবিধা লৈয়ে দুৰ্বত্তই বেংক শাখাটোত বাৰে বাৰে ডকাইতৰ ঘটনা সংঘটিত কৰিব পাৰিছে।

আনহাতে এনেধৰণৰ ডকাইতি কাণ্ডৰ লগত বেংকৰ একাংশ কু অভিসন্ধিৰ ব্যক্তি জড়িত থকাৰ সন্দেহ ব্যক্ত কৰিছে স্থানীয় বাসিন্দাই। কাৰণ বেংকৰ প্ৰৱেশ দুৱাৰতে এজন অস্ত্ৰধাৰী নিৰাপত্তাৰক্ষী থকাৰ পাছতো কেনেকৈ বেংকৰ ভিতৰৰ পৰা এগৰাকী গ্ৰাহকে জমা দিবলৈ অহা ধন ডকাইতি কৰি লৈ যাব পাৰিলে তাক লৈ একাংশই প্ৰশ্ন উত্থাপন কৰে।

বেংকৰ গ্ৰাহকে এনেধৰণৰ ঘটনাৰ বাবে বেংক কৰ্তৃপক্ষকেই জগৰীয়া কৰিছে আৰু দৈনিক কোটি কোটি টকাৰ লেনদেন হোৱা এটা ব্যস্ত বেংকত এনে অপৰাধজনিত ঘটনা ৰোধ কৰিবলৈ কিছু যাৱতীয় ব্যৱস্থা গ্ৰহণৰ বাবেও সচেতন লোকে আহ্বান জনাইছে।