NORTHEAST NOW (Assamese)
অসম

ওদালগুৰিৰ জৱাহৰলাল নৱোদয় বিদ্যালয়ত বিপৰ্যয়ৰ সময়ৰ পূৰ্ব প্ৰস্তুতিৰ বাবে মক-ড্ৰীল

Posted by: ছাজিদ খান August 31, 2018 5:11 pm
IMG-20180830-WA0037

বৃহস্পতিবাৰে ওদালগুৰি জিলা অগ্নি আৰু জৰুৰীকালীন সেৱা বিভাগে জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সহযোগত দুৰ্যোগৰ সময়ত উদ্ধাৰ অভিযান চলোৱাৰ বাবে এটা মক-ড্ৰীল অনুষ্ঠিত কৰে। বিশেষকৈ ছাত্ৰ-ছাত্ৰী সকলক জুইৰ পৰা সংঘটিত হোৱা দুৰ্যোগৰ সময়ত কেনেদৰে ৰক্ষা কৰিব তাৰ সজাগতা সৃষ্টিৰ বাবে ওদালগুৰিৰ জৱাহৰলাল নৱোদয় বিদ্যালয়ত এই মক-ড্ৰীলটো অনুষ্ঠিত কৰা হৈছিল। জুইৰ পৰা সুৰক্ষা পোৱা আৰু অগ্নি নিৰ্বাপণ কৰাৰ কৌশলসমূহো ছাত্ৰ-ছাত্ৰীসকলৰ আগত প্ৰদৰ্শন কৰা হৈছিল।

দুৰ্যোগ ব্যৱস্থাপনা দলটোৱে ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলৰ আগত তেওঁলোকৰ আহিলাপাতি প্ৰদৰ্শন কৰাৰ লগতে কেনেদৰে দুৰ্যোগৰ সময়ত সময় সাপেক্ষ্য সিদ্ধান্ত গ্ৰহণ কৰিব লাগে তাৰ ওপৰত পাঠ প্ৰদান কৰা হৈছিল।

বিষয়সমূহৰ মাজত আছিল প্ৰথম চিকিৎসা প্ৰতিক্ৰিয়াকাৰী (MFR), ধ্বংসপ্ৰাপ্ত গাঁথনি সন্ধান আৰু উদ্ধাৰ (CSSR), বিদ্যালয় নিৰাপত্তা প্ৰশিক্ষণ, নগৰীয়া সন্ধান আৰু উদ্ধাৰ, ভূমিকম্প, ভূ-স্খলন আৰু সমূহীয়া প্ৰতিক্ৰিয়াকাৰী, পথ দুৰ্ঘটনা আদি সামৰি লোৱা গৈছিল।

শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকলে মক-ড্ৰীলত অধিক আগ্ৰহ দেখুৱাইছিল।

বিদ্যালয়খনৰ অধ্যক্ষ বিআৰ খাদেকাৰ, ওদালগুৰি দুৰ্যোগ ব্যৱস্থাপনাৰ ওদালগুৰি ৰাজহ চক্ৰৰ ফীল্ড অফিচাৰ দীপাংকৰ চৌধুৰীয়ে জৰুৰীকালীন অৱস্থাত উদ্ধাৰ কাৰ্য সম্পাদন কৰিব লাগে ছাত্ৰ-ছাত্ৰীসকলক তাৰ কিটিপ দিছিল।