NORTHEAST NOW (Assamese)
অসম

২০১৮ চনৰ ভিতৰত নহয় পঞ্চায়ত নিৰ্বাচন : গুৱাহাটী উচ্চ ন্যায়ালয়ত নিৰ্বাচন আয়োগৰ অপাৰগতা প্ৰকাশ

Posted by: এন ই নাও নিউজ August 31, 2018 10:13 pm
Assam-gram-panchayat-election-570x320

পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাটো এক প্ৰকাৰৰ অনিশ্চয়তাৰ মাজলৈ গতি কৰিছে। ২০১৮ চনৰ ভিতৰত ৰাজ্যখনত পঞ্চায়ত নিৰ্বাচন পতাটো অসম্ভৱ বুলি আজি গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজ্যিক নিৰ্বাচন আয়োগে এখন লেখ আৱেদন দাখিল কৰিছে।

উল্লেখযোগ্য যে গুৱাহাটী উচ্চ ন্যায়ালে অহা ১৫ ছেপ্তেম্বৰৰ ভিতৰত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ ৰাজ্যৰ নিৰ্বাচন আয়োগক নিৰ্দেশ দিছিল। কিন্তু এন আৰ চিৰ কামত ৰাজ্যৰ বহু হাজাৰ কৰ্মচাৰী নিয়োজিত হৈ থকাৰ অজুহাতত নিৰ্বাচন আয়োগে এই সময়ত নিৰ্বাচন পতাটোত জটিলতা আছে বুলি কৈ আহিছে।

কেৱল পঞ্চায়ত নিৰ্বাচনেই নহয় গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনো অনুষ্ঠিত কৰিবলগীয়া হৈ আছে। ইফালে উত্তৰ কাছাৰ পাৰ্বত্য জিলা স্বায়ত্তশাসিত পৰিষদৰ লগতে ৰাভা হাছং স্বায়ত্ত পৰিষদৰ কাৰ্যকালো অহা ডিচেম্বৰত অন্ত পৰিব।

কিন্তু এন আৰ চিৰ কাম চলি থকা বাবেই এতিয়া এই আটাইবোৰ নিৰ্বাচন পিছুৱাই নি থাকিব বিচাৰিছে নিৰ্বাচন আয়োগে।

আনহাতে ২০১৯ চনৰ প্ৰথম ভাগতে লোকসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব। গতিকে ২০১৯ চনৰ প্ৰথমৰ ফালেও সম্ভৱ নহ’ব পঞ্চায়ত নিৰ্বাচন।