NORTHEAST NOW (Assamese)
অসম

আৰক্ষী বিভাগৰ নিৰ্দেশক ভেঙুচালি! আৰক্ষীৰ সাজত ব্যক্তিগত নিৰাপত্তাৰক্ষী

Posted by: কল্পজ্যোতি শইকীয়া September 1, 2018 2:58 pm
এল ডি পি ফটো

মহানগৰীৰ বিলাসী হোটেল যেনে তাজ ভিভান্তা হোটেল, নভোটেল হোটেল, ৰুক্মিনীগাঁৱৰ সূনীল গ্ৰেণ্ড হোটেল ইত্যাদি হোটেলসমূহত থকা নিৰাপত্তাৰক্ষীসকলে আৰক্ষী জোৱান অথবা যানবাহন আৰক্ষীৰ নিচিনা পোছাক পৰিধান কৰি কৰি কৰ্মত নিয়োজিত হৈ আছে।

এই ব্যক্তিগত নিৰাপত্তাৰক্ষীসকলৰ পোছাক-পৰিচ্ছদ অতি সোনকালে সলনি কৰিব লাগে বুলি আজি গুৱাহাটী প্ৰেছ ক্লাৱত সংবাদমেলযোগে লিবাৰেল ডেম’ক্ৰেটিক পাৰ্টিৰ সাধাৰণ সম্পাদক আব্দুল ৱাহিদে দাবী জনায়।

নির্দেশনাৰ কপি
উপ আৰক্ষী আয়ুক্তই দিয়া নিৰ্দেশনাৰ কপি। ফটো : নৰ্থইষ্ট নাও

উল্লেখ্য যে, বিগত বৰ্ষৰ ১২ জুলাইত আৰক্ষী বিভাগৰ উপ আৰক্ষী আয়ুক্তই গুৱাহাটী মহানগৰত নিৰাপত্তাৰক্ষীক সাজপাৰ যোগানৰ ব্যৱসায় চলাই যোৱা  ব্যক্তিগত প্ৰতিষ্ঠানসমূহৰ প্ৰতি এক নিৰ্দেশনা জাৰি কৰিছিল যে সকলো নিৰাপত্তাৰক্ষীৰে পোছাক-পৰিচ্ছদ সেনা, বায়ু সেনা, জলসেনা অথবা অন্য কোনো অস্ত্ৰধাৰী সেনাবাহিনীৰ পোছাকৰ সৈতে একে হ’ব নোৱাৰিব। অন্যথা তেনে পোছাক পৰিধান কৰিলে ১ বছৰ জেইল আৰু ৫ হাজাৰ টকা পৰ্যন্ত জৰিমনা বিহা হ’ব বুলিও নিৰ্দেশনাখনত লিখা আছিল।

ইয়াৰ লগতে নিৰ্দেশনা জাৰিৰ ১০ দিনৰ ভিতৰত এই নিয়ম কাৰ্যকৰী কৰিবৰ বাবে নিৰ্দেশ দিয়া কথাটো জাননীখনত স্পষ্টকৈ উল্লেখ আছিল।

আনহাতে, এই নিৰ্দেশনাক বৃদ্ধাংগুষ্ঠ দেখুৱাই নিৰাপত্তাৰক্ষীক পোছাক-পৰিচ্ছদ যোগান ধৰা বহিৰাগত কেইটামান ব্যক্তিগত কোম্পানীয়ে আৰক্ষী-জোৱানৰ নিচিনা পূৰ্বৰ পোছাকেই বাহাল ৰখাৰ গুৰুতৰ অভিযোগ তোলে এলডিপিৰ সাধাৰণ সম্পাদক আব্দুল ৱাহিদে।

তেওঁৰ মতে, “উক্ত ব্যক্তিগত নিৰাপত্তাৰক্ষীসকলে নিজকে আৰক্ষী বিভাগৰ লোক বুলি পৰিচয় দি বিভিন্ন অসামাজিক কাম-কাজত লিপ্ত হোৱাৰ সম্ভাৱনা আছে।”

উল্লেখ্য যে, উপ আৰক্ষী আয়ুক্তই দিয়া নিৰ্দেশৰ এবছৰ পাৰ হৈ যোৱাৰ পাছতো উক্ত প্ৰতিষ্ঠানসমূহৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত যোৱা ৩০ আগষ্টত এলডিপিৰ সাধাৰণ সম্পাদক আব্দুল ৱাহিদ আৰু সম্পাদক দিপুলজ্যোতি হাজৰিকাই দিছপুৰ থানাত ২৫২২/১৮ নম্বৰত তথা ১৮৮/৩৪ ধাৰাত এক গোচৰ ৰুজু কৰে।

তেওঁলোকে আজিৰ সংবাদমেলৰ জৰিয়তে গৃহ বিভাগক এই ক্ষেত্ৰত হস্তক্ষেপ কৰি ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনায়।