NORTHEAST NOW (Assamese)
অসম

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ বোকাখাত শাখা সমিতি গঠন

Posted by: উত্তম শইকীয়া September 2, 2018 8:54 pm

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ বোকাখাত কাৰ্যালয়ত অনুষ্ঠিত এখন বৈঠকত দেওবাৰে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ বোকাখাতৰ শাখা সমিতিখন নতুনকৈ গঠন কৰা হয়।

স্থানীয় জে ডি এছ জি মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰবক্তা জয়ন্ত দাসক সভাপতি, বেদব্ৰত পেগু আৰু মৌচুম গগৈক উপ সভাপতি, প্ৰবাল প্ৰিয়ংকৰ শইকীয়াক সম্পাদক, বিজয় চৌধুৰী, গোবিন্দ ৰাজবংশী, প্ৰণৱ লইং আৰু গৌতম মজুমদাৰক সহকাৰী সম্পাদক হিচাবে লৈ মুঠ ২৪ জনীয়া সদস্যৰে এই শাখা সমিতিখন গঠন কৰা হৈছে৷

বৈঠকত পৰিষদৰ গোলাঘাট জিলাৰ সমন্বয়ক কুমুদ কোঁৱৰ, ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ কৰ্মকৰ্তা অভিজিত নাথ আৰু নয়নজ্যোতি হাজৰিকাও উপস্থিত আছিল।