NORTHEAST NOW (Assamese)
অসম

বঙাইগাঁৱত হাবি ছাফা কৰোঁতে পিষ্টল উদ্ধাৰ; আৰক্ষীৰ ওপৰত ৰাইজৰ খং

Posted by: ইয়াছিন আলী September 2, 2018 10:19 pm
pistol

আজি দুপৰীয়া বঙাইগাঁও জিলাৰ বৰঘোলা আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত ২নং হালধীবাৰীত এটা পিষ্টল উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। হালধিবাৰীৰ ৰাস্তাৰ কাষতে থকা হাবি ছাফা কৰি থাকোতে ৰাইজে পিষ্টলটো উদ্ধাৰ কৰে।

উল্লেখযোগ্য যে যোৱা সোমবাৰে নিশা ৭ মান বজাত ছফিকুল ইছলাম নামৰ এজন যুৱকে হালধীবাৰী গাৱঁৰ হাৰেজ আলী নামৰ এজন যুৱকক পিষ্টলেৰে গুলিয়াই হত্যাৰ চেষ্টা কৰিছিল। সৌভাগ্যক্ৰমে হাৰেজ আলী নামৰ যুৱকজনৰ প্ৰান ৰক্ষা পৰে। আনহাতে ঘটনাস্থলীৰ পৰা ছফিকুলে পলাবলৈ চেষ্টা কৰোতে ৰাইজে তেওঁক আটক কৰাত ছফিকুলে পিষ্টলটো দলিয়াই পেলাই দিছিল।

সোমবাৰে ৰাতিপুৱা বৰঘোলা আৰক্ষীয়ে ছফিকুলক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰে। কিন্ত আশ্চৰ্য্যজনক কথা হ’ল যে ধৃত ছফিকুলৰ পৰা পিষ্টলৰ বাকচ উদ্ধাৰ কৰাৰ পিছতো আৰক্ষীয়ে ছফিকুলক চোৰ বুলি সন্দেহ কৰি তদন্ত নকৰাকৈয়ে ঘটনাস্থলীৰ পৰা গুচি যায়।

আৰক্ষীৰ উক্ত ভুমিকাত স্থানীয় ৰাইজৰ মাজত বিৰুপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। কিন্তু আজি ৰাস্তাৰ হাবি ছাফা কৰি থাকোতে ৰাইজে পিষ্টলটো উদ্ধাৰ কৰাত আৰক্ষীৰ গা এৰা দিয়া মনোভাৱ ওলাই পৰা বুলি সচেতন মহলে মত পোষন কৰিছে।