NORTHEAST NOW (Assamese)
অসম

জাকাৰ্টা এছিয়াডত চমকপ্ৰদ প্ৰদৰ্শন আগবঢ়োৱা হিমালৈ অসম চৰকাৰৰ ১ কোটি ৬০ লাখ টকাৰ পুৰষ্কাৰ ঘোষণা

Posted by: এন ই নাও নিউজ September 4, 2018 1:21 pm
hima das assam

সদ্য সমাপ্ত জাকাৰ্টা এছিয়ান গেইমছত ব্যক্তিগত মহিলাৰ ৪০০ মিটাৰ দৌৰত ৰূপ, ৪x৪০০ মিটাৰ মিক্সড ৰিলেত দলীয়ভাৱে ৰূপ আৰু ৪x৪০০ মিটাৰ মহিলাৰ ৰিলেত দেশবাসীক স্বৰ্ণ পদক উপহাৰ দিয়া অসম কন্যা হিমা দাসলৈ অসম চৰকাৰৰ তৰফৰ পৰা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ১ কোটি ৬০ লাখ টকাৰ আৰ্থিক পুৰষ্কাৰ ঘোষণা কৰিছে।

উল্লেখ্য যে অহা ৭ ছেপ্তেম্বৰত গুৱাহাটীত ৰাজ্যিক মৰ্যাদাৰে হিমাক শুভেচ্ছা আৰু আদৰণি জনাব ৰাজ্য চৰকাৰে। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হ’বলগীয়া সম্বৰ্ধনা অনুষ্ঠানতে প্ৰতিভাৱান যুৱ এথলীটগৰাকীক উক্ত ধনৰাশি আগবঢ়াব।

জানিব পৰা মতে সোমবাৰে নিশা জাকাৰ্টাৰ পৰা আহি নতুন দিল্লীত উপস্থিত হৈছে হিমা। সম্প্ৰতি নতুন দিল্লীতে বাহৰ পাতি থকা হিমাই আজি সাক্ষাৎ কৰিব দেশৰ ক্ৰীড়া মন্ত্ৰী ৰাজ্যবৰ্ধন সিং ৰাথোৰক। আনহাতে কাইলৈ অৰ্থাৎ বুধবাৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিব অসম কন্যা হিমাই।

মন কৰিবলগীয়া যে ইণ্ডোনেছিয়াৰ জাকাৰ্টাত অনুষ্ঠিত হোৱা ১৮ সংখ্যক এছিয়ান গেইমছত দুটাকৈ ৰূপ আৰু এটা সোণৰ পদক আঁজুৰি আনি ইতিমধ্যে ভাৰতীয় ক্ৰীড়া ক্ষেত্ৰত এক চাঞ্চল্যৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে অসম কন্যা হিমা দাস।