NORTHEAST NOW (Assamese)
অসম

নগাঁও অসামৰিক চিকিৎসালয়ত মন্ত্ৰী পীযুষৰ চাডেন ভিজিট; সংবাদ মাধ্যমৰ সন্মুখতে অধীক্ষক ধমক

Posted by: মিণ্টু দাস September 5, 2018 10:59 pm
Piyush Hazarika

ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীযুষ হাজৰিকাৰ পৰা আজি ধমক খাব লগা হ’ল নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ অধীক্ষকে। আজি হঠাত্‍ চিকিত্‍সালয়খন পৰিদৰ্শন কৰি মন্ত্ৰীগৰাকীয়ে অধীক্ষকৰ পৰা চিকিৎসকৰ পঞ্জীয়ন বিচাৰোতে দিব নোৱাৰাত মন্ত্ৰী গৰাকীয়ে তেওঁক কৰ্কথনা কৰে।

উল্লেখযোগ্য যে মন্ত্ৰী পীযুষ হাজৰিকাৰ উক্ত পৰিদৰ্শন কালত চিকিৎসালয়ত চলি থকা দালালৰাজকে ধৰি বিভিন্ন বেমেজালী ধৰা পৰে।

নগাঁও অসামৰিক চিকিৎসালয়ত দালালৰাজ বন্ধ কৰিবলৈ কঠোৰ নিৰ্দেশ দি তেওঁ কয়, ‘ইয়াত কোনোধৰণৰ দালালি নচলিব। ইয়াত কোনো ফাৰ্মাচীয়ে দালালি কৰিব নোৱাৰিব। ডাক্তৰ বা হস্পিতাল কৰ্তৃপক্ষই দালালি কৰিবলৈ অসম চৰকাৰে হস্পিতাল খোলা নাই।’

ইয়াৰ উপৰি চিকিৎসালয়খনৰ চিকিৎসক তথা চিকিৎসা কৰ্মীসকলে বিভাগীয় নীতি-নিৰ্দেশনাক ভৰিৰে মোহাৰি ‘পাঞ্চিং মেছিন’ আৰু ‘ৰেজিষ্ট্ৰাৰ মেণ্টেইন’ নকৰাকৈয়ে ডিউটি কৰি থকাৰ কথাও মন্ত্ৰী পীযুষ চাডেন ভিজিটৰ সময়ত উন্মোচিত হ’ল।

আনহাতে, কদৰ্যময় হৈ থকা চিকিৎসালয়খনৰ চৌপাশৰ দৃশ্য প্ৰত্যক্ষ কৰি মন্ত্ৰীগৰাকীয়ে সংবাদ কৰ্মীৰ সন্মুখতে চিকিৎসালয়খনৰ অধীক্ষক ডাঃ জে আহমেদক ধমক দিয়ে। উল্লেখযোগ্য যে চৰকাৰী চিকিৎসালয়খনলৈ চাফ-চিকুণৰ নামত এন এইচ এমৰ পৰা দুই লাখ দহ হাজাৰ টকাকৈ প্ৰতিমাহে দি অহা হৈ আহিছে।

ৰাজ্যৰ একাংশ চিকিৎসালয় এনেদৰেই চলি আহিছে। এই ক্ষেত্ৰত এতিয়া বিভাগীয় বৰমূৰীয়াসকলে চাডেন ভিজিট দিয়েই দায়িত্ব সামৰিব নে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব সেয়া সময়তহে লক্ষণীয় হ’ব। আজি মন্ত্ৰী হাজৰিকাৰ লগত সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, ৰাজ্যৰ স্বাস্থ্য সেৱা সঞ্চালক, জিলা উপায়ুক্ত প্ৰমুখ্যে কেইবাগৰাকী বিষয়া-কৰ্মচাৰী উপস্থিত থাকে।