NORTHEAST NOW (Assamese)
অসম

ওদালগুৰিত অনুষ্ঠিত হ’ব উত্তৰ পূৰ্বাঞ্চল পৰ্যায়ৰ পোহনীয়া প্ৰাণী প্ৰদৰ্শনী

Posted by: ছাজিদ খান September 6, 2018 4:43 pm
pet-show

ওদালগুৰিত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ মাজত এখন পোহনীয়া প্ৰাণীৰ মেগা প্ৰদৰ্শনী অনুষ্ঠিত কৰাৰ ব্যৱস্থা কৰা হৈছে। ছেপ্টেম্বৰৰ ১৫ তাৰিখে স্থানীয় বিষ্ণুৰাভা কৃষ্টি সংঘৰ প্ৰাংগণত অনুষ্ঠিত হ’বলগীয়া এই প্ৰদৰ্শনীখনৰ উদ্দেশ্যে হৈছে জনসাধাৰণৰ মাজত পোহনীয়া প্ৰাণীক জনপ্ৰিয় কৰা। ঘৰচীয়া জীৱজন্তুৰ কল্যাণৰ বাবে কাম কৰা এটা বেচৰকাৰী সংস্থাৰ মুৰব্বীৰ দায়িত্বত থকা জুলী পশুচিকিৎসা ক্লিনিকৰ সঞ্চালক মানসজ্যোতি তালুকদাৰে এই কথা জনাইছে।

তেওঁ আৰু জনাইছে যে পোহনীয়া প্ৰাণীৰ ওপৰত অনুষ্ঠিত এই মেগা প্ৰদৰ্শনীখনত উত্তৰ পূৰ্বাঞ্চলৰ প্ৰায় সকলো ৰাজ্যৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰাৰ আশা আছে।

আগ্ৰহীসকলক [email protected]ত ইমেইল কৰি প্ৰৱেশৰ পঞ্জীয়ন কৰাৰ বাবে আৰু তথ্য পাতি জানিবৰ বাবে বাবে অনুৰোধ জনোৱা হৈছে।

আগশাৰীৰ কোম্পানীসমূহে পৃষ্ঠপোষকতা কৰা অংশগ্ৰহণকাৰীসকললৈ আকৰ্ষণীয় পুৰস্কাৰ আৰু উপহাৰৰ টোপলাৰ ব্যৱস্থা ৰাখিছে আয়োজকে।