NORTHEAST NOW (Assamese)
অসম

কলিয়াবৰত ছাগলী গিলি থকা অৱস্থাত অজগৰ উদ্ধাৰ (ভিডিঅ’ আছে)

Posted by: ৰিদিপ শৰ্মা September 7, 2018 10:59 pm
Kaliabor_Python

আজি কলিয়াবৰত ১২ ফুটৰো বেছি দীঘল এটা অজগৰ ধৰি বনত মেলিলে স্থানীয় যুৱকে। অজগৰ সাপটোৱে গাঁওখনৰ ভাস্কৰ ৰাজখোৱাৰ পামঘৰত এটা ছাগলী ধৰি খাই থকাৰ সময়তে গৰাকীৰ চকুত পৰে। ছাগলীটো আধা গিলা অৱস্থাত অজগৰটো দেখি তেওঁ চিঞৰ-বাখৰ কৰি স্থানীয় লোকক খবৰ দিয়ে।

স্থানীয় লোকে সাপ ধৰাত বিশেষ পাৰ্গতালি থকা শিলঘাটৰ প্ৰকৃতিপ্ৰেমী যুৱক সঞ্জীৱ ডেকাক ফোন কৰি খবৰ দিয়ে। সঞ্জীৱ ডেকাই দীৰ্ঘদনৰ অভিজ্ঞতাৰ সহায়ত অজগৰটো ধৰিবলৈ সক্ষম হয়।

উল্লেখযোগ্য যে সঞ্জীৱ ডেকা আহি পোৱালৈকে অজগৰটোৱে ছাগলীটো আধা গিলিছিল যদিও তেওঁ সাপটোৰ মুখৰ পৰা ছাগলী উলিয়াবলৈ সক্ষম হয়। অৱশ্যে ছাগলীটোৰ মৃত্যু হয়।

পৰৱৰ্তী সময়ত সঞ্জীৱ ডেকাই শিলঘাটৰ কামাখ্যা সংৰক্ষিত বনাঞ্চলত অজগৰটো মুকলি কৰি দিয়ে।

আনহাতে সাপ ধৰাত পাকৈত সঞ্জীৱে আজিয়েই আন এডাল বাঁকৰাজ সাপ উদ্ধাৰ কৰে। কলিয়াবৰৰ মাউত গাঁওৰ লিলি গগৈ নামৰ এঘৰৰ আলমাৰিৰ পৰা উদ্ধাৰ কৰা সেই সাপটোও একেলগে শিলঘাটৰ কামাখ্যা  সংৰক্ষিত বনাঞ্চলত মুকলি কৰি দিয়ে।

কলিয়াবৰৰ প্ৰকৃতিপ্ৰেমী যুৱক সঞ্জীৱ ডেকাই ২০০০ চনৰ পৰাই এনেদৰে বিভিন্ন ধৰণৰ সাপ ধৰি সাপকো উদ্ধাৰ কৰিছে আৰু লগতে বহু পৰিয়ালক বিপদৰ পৰা ৰক্ষা কৰিছে। তেওঁ আজি উদ্ধাৰ কৰা এই অজগৰডালকে ধৰি মুঠ ৫৯ডাল কেৱল অজগৰেই উদ্ধাৰ কৰিছে।