NORTHEAST NOW (Assamese)
অসম

দুধনৈৰ গোচৰতো জামিন লাভ কৃষক মুক্তিৰ নেতা অখিল গগৈৰ

Posted by: এন ই নাও নিউজ December 26, 2017 7:09 pm

দুধনৈ আৰক্ষীয়ে শনিবাৰে ডিব্ৰুগড়ত গ্ৰেপ্তাৰ কৰা কৃষক মুক্তিৰ সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈক মঙলবাৰে গোৱালপাৰা আদালতে জামিন প্ৰদান কৰে। ১০০০০ টকাৰ ব’ণ্ডত গোৱালপাৰাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে কৃষক নেতাজনক জামিনত মুক্তি দিয়ে।

উল্লেখযোগ্য যে ডিব্ৰুগড় আদলতে মৰাণৰ ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত জামিন দিয়াৰ পিছতে কাৰাগাৰৰ পৰা ওলোৱা অখিল গগৈক  দুধনৈৰ আৰক্ষীয়ে দুধনৈ নগৰৰ এখন কলেজৰ নামফলকত ৰং সনাৰ এক গোচৰ সন্দৰ্ভত গ্ৰেপ্তাৰ কৰিছিল। উক্ত গোচৰত গগৈয়ে যোৱা দেওবাৰৰ পৰা গোৱালপাৰা জেইলত বন্দী হৈ আছিল। সূত্ৰ অনুসৰি ৰাজহুৱা সম্পদৰ ক্ষতিসাধন প্ৰতিৰোধ আইন আৰু ভাৰতীয় দণ্ডবিধি আইনৰ ১২০ বি ধাৰাৰ অধীনত অপৰাধমূলক ষড়যন্ত্ৰৰ অভিযোগত তেওঁক অভিযুক্ত কৰা হৈছিল। জামিন পোৱাৰ ফলত কাইলৈ গগৈ গোৱালপাৰা কাৰাগাৰাৰ পৰা মুকলি হোৱাৰ সম্ভাৱনা আছে।

এইখিনিত ক’ব পাৰি যে ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত গগৈৰ গ্ৰেপ্তাৰ যোৱা বৃহস্পতিবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে খাৰিজ কৰিছিল আৰু  তাৰ কেইদিন মান পিছতে ডিব্ৰুগড় আদালতেও মৰাণ আৰক্ষী থানাত তেওঁৰ বিৰুদ্ধে ৰুজু হোৱা দেশদ্ৰোহিতাৰ গোচৰত তেওঁক জামিন প্ৰদান কৰিছিল। এতিয়া দুধনৈৰ গোচৰতো আদালতে কৃষক নেতাজনক জামিন দিয়াত তেওঁ মুকলি আকাশৰ তললৈ অহাটো নিশ্চিত হ’ল। চৰকাৰে ইটোৰ পিছত সিটো গোচৰ জাপি দি কৃষক নেতাজনৰ প্ৰতিবাদী কণ্ঠক ৰোধ কৰিব খুজিছে যদিও চৰকাৰ এই ক্ষেত্ৰত ন্যায়ালয়ৰ মজিয়াত বাৰে বাৰে উজুটি খাইছে।