NORTHEAST NOW (Assamese)
অসম

বোকাখাতৰ লখৌজান চাহ বাগিচাত তীব্ৰ উত্তেজনা; শিশুৰ মৃত্যু, কাৰ্য্যালয় ঘেৰাও

Posted by: উত্তম শইকীয়া September 8, 2018 10:36 pm

বোকাখাতৰ লখৌজান চাহ বাগিচাত শনিবাৰে আবেলি এটি শিশুৰ মৃত্যুক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়৷

বাগিচাৰ চিকিৎসালয়খনত দীৰ্ঘদিন ধৰি নাই চিকিৎসক। লগতে নাই এম্বুলেঞ্চৰ সুবিধা। ফলত সময় মতে চিকিৎসা নাপাই লক্ষ্মী তাঁতী নামৰ ডেৰ বছৰীয়া কন্যা সন্তানটিৰ মৃত্যু হোৱাত শ্ৰমিকসকল উত্তেজিত হৈ বাগিচাৰ কাৰ্য্যালয় ঘেৰাও কৰে৷

পিছত বোকাখাত আৰক্ষীৰ উপস্থিতিত বাগিচা কৰ্তৃপক্ষই শ্ৰমিক সন্থাৰ সৈতে আলোচনা কৰি বিষয়টো গুৰুত্ব সহকাৰে বিবেচনা কৰাৰ লগতে এই সন্দৰ্ভত সন্থাৰ সৈতে আলোচনাত মিলিত হোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰাতহে পৰিস্থিতি নিয়ন্ত্ৰণ হয়৷

উল্লেখযোগ্য যে চাহ মজদুৰ সন্থাৰ লখৌজান শাখাৰ লগতে চাহ জন জাতি ছাত্ৰ সন্থাৰ স্থানীয় শাখাই বাগিচাখনত চিকিৎসক নিয়োগ আৰু এম্বুলেঞ্চৰ সু-ব্যৱস্থাৰ বাবে দীৰ্ঘ দিনৰ পৰাই দাবী জনাই আহিছিল৷