NORTHEAST NOW (Assamese)
অসম

সুধাকণ্ঠ ভূপেন হাজৰিকাৰ নামেৰে মুম্বাইৰ ফ্লাইঅ’ভাৰ নামকৰণৰ প্ৰতিশ্ৰুতি মহাৰাষ্ট্ৰৰ মুখ্য মন্ত্ৰীৰ

Posted by: এন ই নাও নিউজ September 9, 2018 10:31 am
bhupen hazarika

মায়ানগৰী মুম্বাইৰ কোনো এটা পথ বা ফ্লাইঅ’ভাৰ সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ নামেৰে নামকৰণ কৰা হ’ব বুলি শনিবাৰ অৰ্থাৎ ৮ ছেপ্টেম্বৰ সুধাকণ্ঠৰ জন্ম দিনৰ দিনটোতে এই সন্মতি প্ৰদান কৰিছে মহাৰাষ্ট্ৰ চৰকাৰে।

উল্লেখযোগ্য যে নতুন দিল্লীত ৰাজ্যৰ স্বাস্থ্য আৰু বিত্ত বিভাগৰ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক সুনীল দেওধৰে শনিবাৰে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফড়নবিছক সাক্ষাৎ কৰিছিল।

আৰু এই সাক্ষাৎকালত তেওঁলোকে মুম্বাইৰ কোনো এটা পথ বা ফ্লাইঅ’ভাৰ সুধাকণ্ঠৰ নামেৰে নামকৰণ কৰিবলৈ অনুৰোধ জনায়।

সাক্ষাৎকালৰ পিছত সাংবাদিকৰ আগত সুনীল দেওধৰে কয় যে জীৱনৰ এছোৱা কাল ড০ ভূপেন হাজৰিকাই মুম্বাইতে কটোৱাৰ উপৰি মুম্বাইৰ কলা-সংস্কৃতিৰ লগত জড়িত বহু সংখ্যক লোকেই ভূপেন হাজৰিকাক শ্ৰদ্ধাৰে স্মৰণ কৰে।

গতিকে সুধাকণ্ঠ হাজৰিকাৰ নামত মুম্বাইত এটা পথ বা ফ্লাইঅ’ভাৰ নামকৰণ কৰিবৰ বাবে তেওঁলোকে মহাৰাষ্ট্ৰৰ মুখ্য মন্ত্ৰীক অনুৰোধ জনোৱা বুলি জানয়। আৰু লগতে এই অনুৰোধক মহাৰাষ্ট্ৰৰ মুখ্য মন্ত্ৰী ফড়নবিছে ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা বুলি জানিবলৈ দিয়ে।