NORTHEAST NOW (Assamese)
অসম

মন্দিৰৰ পৰা মন্দিৰলৈ : পৰম্পৰাগত সাজেৰে মহিলাই দৌৰিলে ১০ কিলোমিটাৰ

Posted by: মুকুট দাস September 9, 2018 9:06 am
Ready to run Temple To Temple run from Navagraha Temple

মহিলাসকলৰ মাজত শাৰীৰিক সক্ষমতা অটুট ৰখাৰ উদ্দেশ্যেৰে দেওবাৰে ৰাতিপুৱা ওঠৰ শ শতিকাৰ শেষ ভাগত আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই নিৰ্মাণ কৰা ঐতিহাসিক নৱগ্ৰহ মন্দিৰৰ পৰা শক্তিপীঠ কামাখ্যালৈ দহ কিলোমিটাৰ জোৰা এক দৌৰ কাৰ্যসূচীৰ আয়োজন কৰা হয়।

অহা ৩০ ছেপ্টেম্বৰ, ২০১৮’ত গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া ‘পিংকাথন উইমেনছ ৰাণ’ৰ অংশ হিচাপে আয়োজন কৰা ‘মন্দিৰৰ পৰা মন্দিৰলৈ দৌৰ’ত প্ৰায় ৩০ গৰাকী মহিলাই পৰম্পৰাগত অসমীয়া সাজ মেখেলা চাদৰ পৰিধান কৰি অংশগ্ৰহণ কৰে।

IMG20180909055217
মন্দিৰৰ পৰা মন্দিৰলৈ দৌৰত অংশ লোৱা মহিলাসকল। ফটো: নৰ্থইষ্ট নাও

উল্লেখযোগ্য যে পিংকাথনে আজিৰ এই দৌৰ কাৰ্যসূচীৰ আয়োজন কৰিছিল।  মহিলাৰ স্বাস্থ্য তথা স্তনৰ কেন্সাৰ সম্পৰ্কে সজাগতা সৃষ্টিৰ উদ্দেশ্যেৰে পিংকাথনক আগবঢ়াই আনিছে এসময়ৰ ছুপাৰ মডেল মিলিন্দ সুমনে।

আজিৰ দৌৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰা এগৰাকী মহিলা জিনি বৰ্মনে উৎফুল্লিত হৈ কয়, ‘’ ফিটনেছ্ আটাইকৈ গুৰুত্বপূৰ্ণ। মহিলাসকলে লাহে লাহে দৃঢ়ভাৱে তেওঁলোকৰ স্বাস্থ্য তথা ফিটনেছৰ প্ৰতি সজাগ হৈ আহিছে। আমি আজি ইয়াত মেখেলা চাদৰ পৰিধান কৰি এটা বাৰ্তা দিব খুজিছো যে এগৰাকী গৃহিনী বা চাকৰি কৰা মহিলায়ো আন কামৰ মাজতে তেওঁলোকৰ স্বাস্থ্য তথা ফিটনেছৰ বাবে কিছু সময় উলিয়াব পাৰে।‘’

উল্লেখযোগ্য যে বিভিন্ন বয়সৰ মহিলাকে ধৰি প্ৰায় ৩০ গৰাকী দৃষ্টিহীন যুৱতীয়ে অহা ৩০ ছেপ্টেম্বৰ, ২০১৮’ত গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া পিংকাথনৰ চতুৰ্থ সংস্কৰণৰ দৌৰত অংশগ্ৰহণ কৰিব।

অতি গুৰুত্বপূৰ্ণ কথাটো হ’ল পিংকাথনে মহিলাসকলৰ মাজত স্তন কেন্সাৰ সম্পৰ্কে সজাগতা সৃষ্টিৰ উদ্দেশ্য আগত ৰাখি এই কাৰ্যসূচীৰ আয়োজন কৰিছে। এই দৌৰক তিনিটা শাখাত ভাগ কৰা হৈছে য’ত ৩ কিলোমিটাৰ, ৫ কিলোমিটাৰ, ১০কিলোমিটাৰ আৰু ২১ কিলোমিটাৰৰ দৌৰ অন্তৰ্ভুক্ত কৰা হৈছে।

আনহাতে, এই দৌৰত অংশগ্ৰহণ কৰিবলগীয়া দৃষ্টিহীন যুৱতীসকলক বিশেষজ্ঞৰ দ্বাৰা প্ৰশিক্ষণ দিয়া হ’ব বুলি জানিব পৰা গৈছে।