NORTHEAST NOW (Assamese)
অসম

অসম-মেঘালয় সীমান্তত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ লোকক ২০০ জনীয়া দলৰ আক্ৰমণ

Posted by: এন ই নাও নিউজ September 9, 2018 12:21 pm

কাৰ্বি আংলঙৰ ডকমকাত সংঘটিত হোৱা ঘটনা সন্দৰ্ভত ইয়াৰ গোচৰ প্ৰক্ৰিয়া আদালতৰ মজিয়াত চলি থকাৰ মাজতে পুনৰ একেধৰণৰ এক ঘটনা সংঘটিত হয় অসম-মেঘালয় সীমান্তত।

উল্লেখযোগ্য যে শনিবাৰে অৰ্থাৎ ৯ ছেপ্টেম্বৰত অসমৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়া-কৰ্মচাৰীৰ এটা ১৫ জনীয়া দলক অসম-মেঘালয় সীমান্তত বকোৰ পৰা প্ৰায় ২৬ কি. মি. নিলগত মালাংকোণাত প্ৰায় ২০০ জনীয়া এটা দলে আক্ৰমণ কৰে।

প্ৰাপ্ত তথ্য মতে অসমৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মুখ্য অভিযন্তা সৌম্য কুমাৰ বৰুৱাসহ এটা ১৫ জনীয়া দল অসম-মেঘালয় সীমান্তৰ মালাংকোণাত ৰূপায়ণ হৈ থকা হৌ-হোৱাৰ জলপ্ৰপাত আঁচনিৰ বুজ ল’বলৈ উপস্থিত হৈছিল।

কিন্তু সেই সময়তে উক্ত স্থানত হৌ-হোৱা জলপ্ৰপাত আঁচনি ৰূপায়ণত বাধা প্ৰদান কৰা লোক সকল উপস্থিত হৈ আঁচনি ৰূপায়ণৰ বুজ ল’বলৈ যোৱা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ১৫ জনীয়া দলটোক প্ৰায় ২০০ জনীয়া এটা দলে প্ৰহাৰ কৰে।

আনহাতে ঘটনা সন্দৰ্ভত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দলটোৱে বকো থানাত এখন এজাহাৰ দাখিল কৰিছে বুলি জানিব পৰা গৈছে।